ৰাজস্থানৰ সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালকৰ সৰিয়হৰ পথাৰ পৰিদৰ্শন

ৰাজস্থানৰ সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালকৰ সৰিয়হৰ পথাৰ পৰিদৰ্শন

ডিজিটেল সংবাদ,বটদ্ৰৱা : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ যুটিয়া সহযোগত ১.১৮ কোটি টকা পুঁজিৰে পৰিচালিত হৈছে টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্ট। এই প্ৰজেক্টৰ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ৰাজস্থানৰ সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড০ পি কে ৰায়ৰ লগতে একেটা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড০ অশোক কুমাৰ শৰ্মা নগাঁও জিলাৰ শেনছোৱা-হালধীআটি-কুমাৰগাওঁ আদি অঞ্চলৰ কেইবাখনো সৰিয়হৰ পথাৰত উপস্থিত হয়।

অসমত বিজ্ঞানভিত্তিক খেতিৰ প্ৰসাৰৰ জৰিয়তে টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ বাবে অসমৰ ২০খন জিলাৰ ৩০০ বিঘাকৈ পথাৰক সামৰি মুঠ ৬০০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰা হৈছে। তদুপৰি, নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হজাতীয় শস্যৰ গাঁও হিছাপে গঢ়ি তোলাৰ সংকল্প লোৱাৰ ফলত সৰ্বমুঠ ৬৯০০ বিঘা কৃষিভুমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছে।

ইয়াৰ বাবে ২০ কুইন্টল পি এম ২৮ নামৰ সৰিয়হৰ উন্নত বীজ আৰু বাকী ৪৯ কুইন্টল টি এচ ৩৮ নামৰ টৰিয়াৰ উন্নত জাতৰ বীজ ব্যৱহাৰ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ চিলঙনী, তিতাবৰ, তিনিচুকীয়া, বুৰালিক্সন, লখিমপুৰ, কাঁহিকুছি, গোসাইগাঁও, ডিফু, কৰিমগঞ্জ আৰু মন্দিৰাত অৱস্থিত গৱেষণা কেন্দ্ৰসমূহৰ উপৰি ধেমাজি, যোৰহাট, বাক্সা, ধুবুৰী, চিৰাং , নলবাৰী, বৰপেটা, দৰং, মৰিগাঁও আৰু শোণিতপুৰত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ জৰিয়তে সম্পাদন হ’ব।

ইয়াৰে অংশৰূপে নঁগাও জিলাৰ শেনছোৱা-হালধীআটি-কুমাৰগাওঁ আদি অঞ্চলক সামৰি গঢ়ি তুলিব বিচৰা তৈলবীজ গাঁৱত পৰিদৰ্শন কৰি কৃষক-বিজ্ঞানীৰ সভাত ড০ পি কে ৰাই জনাই যে- “অসমৰ যিবোৰ অঞ্চলত অকল সৰিয়হ খেতিহে কৰা হয়, তাত সৰিয়হৰ উন্নত জাঁত (যেনেঃ- পি এম ২৮) আদি খেতি কৰাৰ লগতে, অন্যান্য ধানৰ পাছত সৰিয়হ কৰা অঞ্চলক টৰিয়াৰ বাবে বাচনি কৰা প্ৰয়োজন”।

ইফালে একে প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড০ অশোক কুমাৰ শৰ্মাই ব্যক্ত কৰে যে- “এই আঁচনিৰ সুবিধা পোৱা কৃষকসকলে আন কৃষক সকলক এইধৰণৰ খেতিৰ বিষয়ে অৱগত কৰি তেওঁলোককো উদ্গনি জনোৱাৰ প্ৰযোজন”।

নৱতৰুণ আৰু সুৰজ এফ আই জিৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে। কৃষকৰ পথাৰ পৰিদৰ্শনৰ পূৰ্বে নিৰ্দেশক মহোদয়ে মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ অন্তৰ্গত টকৌবাৰী ফাৰ্মখন পৰিদৰ্শন কৰি সন্তোষ ব্যক্ত কৰে।

পৰিদৰ্শনৰ সময়ত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাৰ লগতে আন বিজ্ঞানীসকল ক্ৰমে, ড০ পংকজ দেৱচৌধুৰী, ড০ ৰঞ্জনা চক্ৰৱৰ্তী, ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতি আৰু ড০ বিনোদ কলিতাই তেখেতসকলক সহযোগিতা আগবঢ়ায়।

ৰাজস্থানৰ সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালকৰ সৰিয়হৰ পথাৰ পৰিদৰ্শন
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত চিলাপথাৰৰ চাৰিগৰাকীৰ সাফল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in