/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/221cc7fa-fdea-4f11-8a07-96c907509b75/80.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰ : অসম লোকসেৱা আয়োগ পৰীক্ষাত চিলাপথাৰৰ চাৰি কৃতি পৰীক্ষাৰ্থীয়ে লাভ কৰিছে সফলতা। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰি চিলাপথাৰবাসীক গৌৰৱান্বিত কৰা কৃতি পৰীক্ষাৰ্থী হ'ল ক্ৰমে ডেৰ্মী দলে,অৰুণাভ বৰঠাকুৰ, চেপলীনা টায়ে, ভৱেশ কছাৰী আৰু বিক্ৰম শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/77c91aee-783f-45cb-93c9-cad386399a9f/c521487d_9e65_4b67_bee8_27b67d11d831.jpg)
ইয়াৰে ডেৰ্মী দলে হ'ল চিলাপথাৰ সোণাৰি ঘাট নিবাসী ভোলা দলেৰ কন্যা। অৰুণাভ বৰঠাকুৰ হ'ল চিলাপথাৰ খনামুখ নিবাসী বিশিষ্ট সংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰৰ সুযোগ্য পুত্ৰ। অৰুণাভে লাভ কৰিছে আসাম ফাইনেন্ফ চাৰ্ভিচৰ ষষ্ঠ আসন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/52e2a102-59e6-4ddd-8e93-6bff16ee9923/46adb868_2b02_4614_bc7f_40b32620def5.jpg)
অৰুণাভ চিলাপথাৰ বিজ্ঞান মাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাহিত্য সম্পাদক। একেদৰে চিলাপথাৰ বামগাঁও নিবাসী প্ৰয়াত নগা কছাৰীৰ পুত্ৰ ভৱেশ কছাৰীয়ে সহকাৰী গাণনিক বিষয়াৰ পদত বাচনিভুক্ত হৈছে। তেওঁ চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3abe6086-ef29-429f-a6b2-9074345dbf69/00776994_d008_48db_bb46_b4d1b3e84f97.jpg)
ইপিনে চিলাপথাৰ নগৰৰ প্ৰতিষ্ঠাপক বিশিষ্ট ব্যৱসায়ী প্রয়াত সীতাৰাম টায়েৰ কন্যা চেপলিনা টায়ে লাভ কৰিছে যুটীয়া গাণনিক বিষয়াৰ পদবী। সেইদৰে চিলাপথাৰ কুলামুৱাৰ নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অভি শৰ্মাৰ মেধাৱী পুত্ৰ বিক্ৰম শৰ্মা সদ্য ঘোষিত মূল পৰীক্ষাত সফলতা লভিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5e6e898d-8734-49c1-9e4c-daf4d60cbf22/04c76be0_799c_4502_82d8_b20574dce0ec.jpg)
অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী পৰীক্ষাৰ্থীক চিলাপথাৰ পূৰ্বজ্যতি সংঘ,চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা,বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱ আদি বিভিন্ন সংগঠন আৰু অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে।
Also Read: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দেৱীস্মিতা ভূঞাৰ সফলতা