নগাঁৱৰ ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

নগাঁৱৰ ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ মাহৰোলত অনুষ্ঠিত হয় অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ সম্বৰ্ধনা সভা ৷ দেওবাৰে জাচিংফা ৰিজৰ্টত অনুষ্ঠিত হয় সভাখন ৷ নগাঁও ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ নগাঁও জিলা সমিতিয়ে আয়োজন কৰা সভাখনিত সভাপতিত্ব কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নয়ন কুমাৰ দত্তই ৷

সভাত ৩৮ জন অৱসৰী ডিপ্লমা অভিযন্তাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰমোদ চন্দ্ৰ বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনি পৰিচালনা কৰে অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক পুতুল চন্দ্ৰ শইকীয়াই ৷

সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, পৰিষদৰ উপ সভাপতি শ্যামন্ত দাসৰ লগতে পৰেশ দাস, আজিজুৰ ৰহমান, অশোক কুমাৰ দাস, মনোজ পাটগিৰী, ৰঞ্জন মহন্ত আদি উপস্থিত থাকে ৷ সভাত কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব কলিতাই ডিপ্লমা অভিযন্তা সকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত হেচা প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

নগাঁৱৰ ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান
বন্ধু পত্নীৰ সৈতে পৰকীয় প্ৰেমঃ প্লাম্বাৰ বাপনে গুলীয়ালে ছাদ্দামক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in