
ডিজিটেল সংবাদ,ৰহা : ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস আৰু নাই। চিকিৎসাধীন অৱস্থাত শনিবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে প্ৰাক্তন বিধায়ক দাসৰ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ডিম্বেশ্বৰ দাস। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল প্ৰাক্তন বিধানকগৰাকী।
উল্লেখ্য যে তেওঁ ২০১৬ চনত ৰহা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ টিকট লাভ কৰি তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সম্প্ৰতি দাসৰ মৃত্যুৰ বতৰাই সমগ্ৰ অসমৰ লগতে ৰহা অঞ্চলতো শোকৰ ছাঁ পেলাইছে।
ৰাজনীতিবিদ তথা সমাজসেৱকগৰাকীৰ মৃত্য়ুত বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। আনহাতে প্ৰয়াত দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি সমাজ-ৰাজনৈতিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে।