/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/10272e1a-fd56-4302-97c8-cbe78b2d63a7/18.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : শনিবাৰে চতুৰ্থ দিনা সোণাৰি সমষ্টিৰ অন্তৰ্গত সাপেখাতী উন্নয়ন খণ্ডৰ অধিনষ্ঠ বিভিন্ন পঞ্চায়তত ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণৰ শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে। শুভাৰম্ভ কৰি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/03276b5b-64c5-4599-892a-9babdc748343/85d70731_b9d2_4db4_b9fd_82cfb5dca77d.jpg)
তেওঁ কয় যে, পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে নিজা উদ্যোগত অসমৰ পৰা ক্ৰীড়া প্ৰতিভা উলিয়ায় অনা,গাঁৱত থকা খেলুৱৈসকলক এখন উপযুক্ত প্লেটফৰ্ম দিয়া, অসমৰ চহৰে নগৰে ঠাহ খাই থকা ক্ৰীড়া পাৰদৰ্শী ছাত্ৰ-ছাত্ৰীসকলক দেশৰ সম্পদ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰু অসমত এক ক্ৰীড়া সজাগতা বৃদ্ধি কৰা মানসেৰে এই খেল মহাৰণৰ চৰকাৰে অনুষ্ঠিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ea1e1318-0325-408f-8459-2fe814e493f4/71d49800_d994_4b75_b245_cf80c3cf1eda.jpg)
প্ৰায় ২ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা আহুখাত পঞ্চায়তৰ খেল কলকাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, ৩শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা উদয়শ্ৰী গাঁও পঞ্চায়তৰ খেল মহাৰণ বৰবৰুৱাখাট ৰাজহুৱা খেলপথাৰত,সোণালী গাঁও পঞ্চায়তৰ খেল মহাৰণ ঔগুৰি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/16942be9-3980-4916-b188-14fbf19a7902/743c0947_0193_4ceb_bc6b_c8ff4436f44c.jpg)
ইয়াৰ পিছত প্ৰায় ২ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা ভূঞাখাত পঞ্চায়তত খেল মহাৰণ চুতীয়াকাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। লগতে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে এথলেটিক্স,কাবাদী, খো খো আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ff547bf-a318-4e19-bbac-8342c253f505/87089326_97cc_49ee_b1da_c0030d588e07.jpg)
ইয়াৰোপৰি খেলুৱৈসকলৰ বাবে ঠাইতে পঞ্জীয়ন কৰা ব্যৱস্থা কৰা হৈছে বুলি বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে জনায়। উক্ত আটাইকেইখন খেল মহাৰণৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল সাপেখাতী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰণ্টু বৰুৱা, গাঁও পঞ্চায়তৰ সভাপতিসকল, ৰাজ্যিক সদস্য হৰেণ কাকতি, যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিশ কোঁৱৰ লগতে যুৱ মৰ্চাৰ বিষয়-ববীয়াৰ লগতে পৌৰ আয়ুক্ত গিৰিণ গগৈ,দলীয় কাৰ্যকৰ্তাসকল উপস্থিত আছিল।
Also Read: বিভিন্ন দাবীৰে মঙলদৈত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ