সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক সমাজকৰ্মী "দিলীপ বৰা সোঁৱৰণী সম্বৰ্দ্ধনা" প্ৰদান..

সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক সমাজকৰ্মী "দিলীপ বৰা সোঁৱৰণী সম্বৰ্দ্ধনা" প্ৰদান..

author-image
Asomiya Pratidin
New Update
সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক সমাজকৰ্মী "দিলীপ বৰা সোঁৱৰণী সম্বৰ্দ্ধনা" প্ৰদান..

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁৱৰ পুৰণিগুদামৰ শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ,সত্ৰীয়া সংস্কৃতিৰ সাধক কৃষ্ণ গোস্বামী দেৱক প্ৰদান কৰা হয় শাস্ত্ৰজ্ঞ, ধৰ্মপ্ৰাণ, সমাজকৰ্মী দিলীপ বৰা সোঁৱৰণী "বিশেষ সম্বৰ্দ্ধনা ২০২৪"।

উল্লেখ্য যে নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী জলাহগাৱঁৰ শাস্ত্ৰজ্ঞ ব্যক্তি দিলীপ বৰাই ২০২৩বৰ্ষৰ ২৪এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰিছিল। প্ৰয়াত দিলীপ বৰাৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথিত দিলীপ বৰা সোঁৱৰণী ন্যাসে তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক এই বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সম্বৰ্দ্ধনাত সত্ৰাধিকাৰগৰাকীক দিলীপ বৰা সোঁৱৰণী ন্যাসে তিনি বস্ত্ৰ দান কৰাৰ উপৰিও এখন গামোছা, চেলেং, স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ আৰু এখন ভাগৱত আগবঢ়ায়। উক্ত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, প্ৰয়াত দিলীপ বৰা চামগুৰিৰ প্ৰতিদিন টাইমৰ সাংবাদিক নয়ন মনি বৰাৰ পিতৃ।

Also Read: ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

brahampur