সুৰা আৰু সুৰৰ ৰাগীত বিধৌত মাজুলী মিউজিক ফেষ্টিভেল

সুৰা আৰু সুৰৰ ৰাগীত বিধৌত মাজুলী মিউজিক ফেষ্টিভেল

ডিজিটেল সংবাদ, ঢকুৱাখনা: আঘোণৰ হিম সনা নিশা খেৰকটা নদীৰ পাৰত শুক্ৰবাৰৰ নিশাৰ পৰা আৰম্ভ হৈছে "ৰয়েল ষ্টেগ "মাজুলী মিউজিক ফেষ্টিভেল-২০২৩ । দেশী বিদেশী সংগীত সাধক কণ্ঠশিল্পীৰ অমিয়া সুৰৰ ঝংকাৰত প্ৰাণোচ্ছল পৰিবেশৰ সৃষ্টি হৈছে এই ফেষ্টিভেল প্ৰাঙ্গনত।

শুক্ৰবাৰৰ নিশা বলিউডৰ খ্যাতনামা কণ্ঠশিল্পী কৈলাশ খেৰৰ সুৰৰ মায়াময় জালত ফেষ্টিভেল প্ৰাঙ্গন বিধৌত হোৱা পৰিলক্ষিত হয় ।ৰাজ্যখনৰ লগতে বিদেশী আৰু চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্য সমূহৰ অগণন দৰ্শক শ্ৰোতাৰ উপস্থিতিৰে শুক্ৰবাৰৰ প্ৰথমদিনা জীপাল হৈ পৰে এই ফেষ্টিভেল প্ৰাঙ্গন।

কাৰ্যতঃ মাজুলী ফেষ্টিভেল নামেৰে নামাংকন কৰা এই সংগীতৰ উৎসৱ বাস্তৱিকতে অনুষ্ঠিত হৈছে মাজুলী জিলা প্ৰশাসনৰ বাহিৰৰ ঢকুৱাখনা মহকুমা প্ৰশাসনৰ অন্তৰ্গত এলেকাত । বিগত বর্ষ সমূহত মাজুলীতে এই উৎসৱ অনুষ্ঠিত কৰি অহা হৈছিল ।কিন্তু এইবাৰ মাজুলীৰ পৰিবৰ্তে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ সোমদিয়া-খেৰকটা নদীৰ অৱবাহিকা অঞ্চলত অনুষ্ঠিত কৰা হৈছে এই উৎসৱ ।

এই স্থান সলনিৰ ক্ষেত্ৰত বিশেষ ভাবে চর্চা হৈছে এটা বিষয় । সেয়া হৈছে মাজুলী সংগীত উৎসৱৰ নামত প্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছে বিলাতী সুৰাৰ মুকলি বেহা । যিহেতু সত্ৰ নগৰী মাজুলী সুৰা নিষিদ্ধ জিলা হিচাবে চিহ্নিত সেয়ে মাজুলীৰ ভৌগলিক এলেকাত এই উৎসৱৰ আয়োজন আৰু অনুষ্ঠিতকৰণে মাজুলীৰ ঐতিহ্য পৰম্পৰাত কুঠাৰাঘাট কৰিব ।

সেয়ে আয়োজক সমিতিয়ে কৌশলেৰে মাজুলী মিউজিক ফেষ্টিভেল ঢকুৱাখনা ভৌগলিক এলেকাত অনুষ্ঠিত কৰি সুৰ আৰু সুৰাৰ বন্যা প্ৰবাহিত কৰি লাভান্বিত হোৱাৰ পৰিকল্পনা কৰি অন্তিম মোহৰ মাৰে । পৰিণতিত শুক্ৰবাৰৰ মাজ নিশা পৰ্যন্ত বলিউদী গায়কৰ সুৰৰ তালে তালে সুৰাত মগন অগণন দৰ্শক শ্ৰোতাই উদ্দাম উল্লাসত মতলীয়া হোৱা পৰিলক্ষিত হ'ল ।

ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু লখিমপুৰ জিলা আবকাৰী বিভাগে আয়োজক সমিতিক নিশা ১০বজাৰ ভিতৰত ফেষ্টিভেলৰ চৌহদৰ অভ্যন্তৰত অৱস্থিত বিলাতী সুৰাৰ বিপনি বাৰ সমূহ বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।ইয়াৰ পাছতো শুক্ৰবাৰৰ মাজ নিশা পৰ্যন্ত এনে বিলাতী সুৰাৰ বাৰ সমূহ খুলি মুকলি ভাবেই গ্ৰাহকৰ চাহিদা অনুসাৰে মদৰ পেগ বিক্ৰী কৰি থকা পৰিলক্ষিত হয় ।

ফেষ্টিভেল প্ৰাংগনৰ বাহিৰত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা সামৰিক আৰু অসামৰিক প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছিল যদিও ভিতৰত কেৱল আয়োজক সমিতিৰ হে প্ৰাধান্য থকাৰ বাবে মুকলিকৈ দুপৰ নিশালৈকে সুৰা আৰু সুৰৰ বন্যা বোৱাতো দৃষ্টিকটু ভাবে সম্ভৱ হৈছে । মাজুলী সংগীত উৎসৱৰ নামত সুৰা আৰু সুৰৰ বন্যা বোৱাই আয়োজক সমিতিযে বাস্তৱিকতে সত্ৰীয়া বৈষ্ণৱ পীঠ মাজুলীৰ ঐতিহ্যত প্ৰকাশ্যে আঘাট কৰা বুলিও ব্যাপক চৰ্চা চলিছে ।

তাৰোপৰি এইক্ষেত্ৰত উৎসৱ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা লখিমপুৰ জিলা প্ৰশাসনৰ চৰকাৰী নীতি নিৰ্দেশনা পদপিষ্ট কৰা কাৰ্য্য দেখিও মুকবধিৰৰ ভূমিকা লোৱা অসামৰিক ,আবকাৰী আৰু আৰক্ষী প্ৰশাসনক সচেতন মহলে কটু সমালোচনা কৰিছে। যিসময়ত জিলাখনৰ সকলো ৱাইন বাৰ ,ৱাইন শ্বপ নিশা ১০ বজাত বন্ধ কৰাৰ সুস্পষ্ট নিৰ্দেশনা আছে ।আৰু সেয়া পালন কৰি আহিছে ব্যৱসায়ী সকলে । এনে সময়ত বিতৰ্কিত মাজুলী মিউজিক ফেষ্টিভেলৰ নামত চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰাপ্ত এনেবোৰ সুৰাৰ বিপনি সমূহে কিয় কেনেকৈ আৰু কোন শীৰ্ষ আমোলা বিষয়াক হাত কৰি নিৰ্বিবাদে নিৰ্ধাৰিত সময় উকলাৰ পাছতো এই বেহা চলাই গৈছে সেয়া বহুমূলীয়া প্ৰশ্ন ৰাইজৰ বাবে । কেৱল সেয়াই নহয় একাংশ দৰ্শক শ্ৰোতাই নিষিদ্ধ নিচা যুক্ত সামগ্ৰী মুকলিকৈ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

মাজুলী সংগীত উৎসৱৰ নামত ঢকুৱাখনা মহকুমাত আৰম্ভ কৰা সুৰৰ লগত সুৰাৰ সংমিশ্ৰিত মুকলি অশুভ পৰম্পৰাৰ আগ্ৰাসন ৰোধত লখিমপুৰ জিলা প্ৰশাসনৰ কঠোৰ হস্তক্ষেপ ঢকুৱাখনাবাসীৰ লগতে মাজুলীবাসীৰো কাম্য । উল্লেখযোগ্য যে অহা দেওবাৰ পৰ্যন্ত তিনিদিন ধৰি অব্যাহত থাকিব ঢকুৱাখনাত অনুষ্ঠিত হোৱা এই মাজুলী মিউজিক ফেষ্টিভেল । লখিমপুৰ জিলা প্ৰশাসনৰ কৃপাত মাজ নিশা পৰ্যন্ত যোগান ধৰা বিলাতী সুৰাৰ ৰাগীত মাতাল হৈ সংগীতৰ অম্লমধুৰ পান কৰিবলৈ ইতিমধ্যে শনিবাৰেও অগণন দৰ্শকৰ আগমন ঘটা পৰিলক্ষিত হ'ল ।

সুৰা আৰু সুৰৰ ৰাগীত বিধৌত মাজুলী মিউজিক ফেষ্টিভেল
নিৰ্মীয়মান পানী যোগান আঁচনিৰ টেংকি খহি পৰি গুৰুতৰভাৱে আহত ২ শ্ৰমিক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in