এইবাৰ দিহানামে গঢ়িব বিশ্ব ৰেকৰ্ড

এইবাৰ দিহানামে গঢ়িব বিশ্ব ৰেকৰ্ড

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এইবাৰ দিহানামে ৰচিব বিশ্ব ৰেকৰ্ড। যোৱা ১৪ এপ্রিলত ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে একেটা স্থানতে ৩ হাজাৰ ঢুলীয়াই ঢোল বাদন কৰি গিনীজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ স্থাপন কৰাৰ পিছতে এতিয়া ৰাজ্যত ৬০ হাজাৰ নামতীয়ে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলাইছে।

উজনি নামনি আৰু মধ্য অসমৰ আইমাতৃ সকলৰ অংগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া এই দিহানামৰ বিশ্ব অভিলেখ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আখৰা, কৰ্মশালা অনুষ্ঠিত হৈছে। তাৰেই অংশ হিচাপে শনিবাৰে বটদ্ৰৱাৰ আইভেটি শলগুৰি সত্ৰত আইভেটি শলগুৰি সত্ৰ, কহুৱাতলী, নসত্ৰ, হাতীচোং, ৰাইডঙীয়া আদি গাঁৱৰ শতাধিক নামতি সমবেত হয়।

আইলক্ষ্মী আৰু আই কনকলতা নমতি দলৰ সৌজন্যত আইভেটি শলগুৰি সত্ৰৰ নতুন নামঘৰ প্ৰাংগণত এই উপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰ পাছত সমবেত আইমাতৄ সকলে "আজি ৰাতি শিলা বৰষিলে" শীৰ্ষক দিহানামৰ আখৰা আৰম্ভ কৰে। কৰ্মশালাত ইলামাই বৰা, ৰীণা বৰা, হিমাদ্ৰী মহন্ত, কুসুম বৰা, নিজৰা বৰা, গীতা বৰা, চম্পা বৰা, টুণ মনি বৰাকে আদি কৰি আইভেটি শলগুৰি সত্ৰ, কহুৱাতলী, নসত্ৰ, হাতীচোং, ৰাইডঙীয়া আদি গাঁৱৰ শতাধিক আইমাতৃ, যুৱক আৰু ভকতে অংশ গ্ৰহণ কৰে।

এইবাৰ দিহানামে গঢ়িব বিশ্ব ৰেকৰ্ড
হাজোত ৬ মহীয়া দেৱশিশু চুৰি : আৰক্ষীৰ জালত জেঠায়েক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in