/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3c85840a-3722-4bc6-b793-e4db0b248784/351.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ অন্তৰ্গত জিলাসমূহত সম্প্ৰতি আঞ্চলিক সমিতি গঠনৰ কাম চলি আছে। একেদৰে বটদ্ৰৱাৰ ভোমোৰাগুৰি নিবাসী সবিতা বৰাৰ আহ্বান মৰ্মে বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত দেওবাৰে বটদ্ৰৱা আঞ্চলিক সমিতি গঠনৰ কাম সম্পন্ন হৈ যায়।
সবিতা দেৱীক সভাপতি আৰু মুন ভূঞাক সম্পাদক হিচাপে লৈ সৰ্বসন্মতি ক্ৰমে ২১ জনীয়া এখন বটদ্ৰৱা আঞ্চলিক সমিতি গঠন কৰা হয় । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই সভাপতিত্ব কৰা সভাখনত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক হিমু বৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শিৱ প্ৰসাদ বৰা, নগাঁও জিলা সভাপতি দীগেন গায়ন, জিলা সম্পাদক প্ৰণৱ জ্যোতি দাস, প্ৰমুখ্যে স্থানীয় নামতীসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/35634581-dc5c-4eb3-9778-aa4330e082ab/6120975b-34cb-4872-a2a9-3c59c6302ffe.jpg)
উল্লেখ্য যে জিলা সভাপতি দীগেন গায়নে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই এভাগ বৰগীত পৰিবেশন কৰে স্থানীয় আইসকলে। সভাৰ কাৰ্যসূচী মাজতেই বৃহত্তৰ বটদ্ৰৱা অঞ্চলটোৰ তিনিটাকৈ দিহানামৰ দলে নাম প্ৰদৰ্শন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0df0a1b0-3b95-485e-8a3d-9df34885d4f6/e010000f-dd6d-480e-8a23-cb23b3935b04.jpg)
দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ লক্ষ্য উদেশ্যেৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ এটি আভাষ দাঙি ধৰে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক হিমু বৰাই। লগতে আগন্তুক ৯ জুনত ডিব্ৰুগড়ৰ দুলিয়াজানত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাত ইতিমধ্যেই প্ৰস্তুত হৈ থকা দিহানামৰ নিয়মাৱলীৰ খচৰাখন গৃহীত হোৱাটো কামনা কৰে সভাৰ সভাপতি তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই।
Also Read: সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী প্ৰকাশৰ প্ৰস্তুতি