সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী প্ৰকাশৰ প্ৰস্তুতি

সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী প্ৰকাশৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,পাটাছাৰকুছি : নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী প্ৰকাশৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে সাহিত্য কৃতিৰ বাবে দুবাৰ আৰু শিক্ষা ক্ষেত্ৰত এবাৰ মুঠ ৩বাৰকৈ ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছিল শিক্ষাবিদ-সাহিত্যিক তথা পাটাছাৰকুছি বিদ্যাপীঠ প্ৰতিষ্ঠাৰ কাণ্ডাৰী হৰেন্দ্ৰ নাথ শৰ্মা। ইয়াৰোপৰি শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু পিছলৈ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাই।

তেঁওৰেই সমগ্ৰ ৰচনা পাটাছাৰকুছি শাখা সাহিত্য সভা আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত একত্ৰভাৱে প্ৰকাশ কৰাৰ বাবে এখনি চুক্তি কৰা হয়। শনিবাৰে পাটাছাৰকুছি শাখা সাহিত্য সভা আৰু নিৰ্মল হালৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ মাজত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাত হোৱা এক বুজাবুজিৰ চুক্তি অনুসৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে এই উদ্দেশ্যে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ বিগত বৰ্ষৰ ২ নৱেম্বৰত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই সভাপতিত্ব কৰিছিল পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ে।

উক্ত সভাতে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু অসম সাহিত্য সভাৰ কেবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত "গ্ৰন্থৰ দিন আৰু সতীৰ্থ সন্মিলন"ত সাহিত্যিকগৰাকীৰ সমগ্ৰ ৰচনা একত্ৰভাৱে প্ৰকাশ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। লগতে ৰচনাৱলী প্ৰকাশৰ বাবদ হ'বলগীয়া ধন নিৰ্মল হালৈ মহাবিদ্যায়লয় কৰ্তৃপক্ষক বহন কৰাৰ বাবে শাখা সভাই আবেদন জনাইছিল ।

এই আবেদন মৰ্মে মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ যোৱা পহিলা মাৰ্চত অনুষ্ঠিত সভাত বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ৰচনাৱলী প্ৰকাশত অনুমোদন জনোৱা হৈছিল।সেই অনুসৰি কালি উভয় পক্ষৰ মাজত প্ৰকাশনৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি সম্পাদনৰ জৰিয়তে "হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী" নামেৰে সাহিত্যিকগৰাকীৰ সমগ্ৰ ৰচনা প্ৰকাশ কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বুজাবুজিৰ চুক্তিত সাহিত্য সভাৰ হৈ সভাপতি দিলীপ কুমাৰ ৰয় , উপসভাপতি ভবেশ গোস্বামী , সহকাৰী সম্পাদক গৌতম গোস্বামী আৰু দিগন্ত গোস্বামী , প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ শৰ্মা আৰু উপদেষ্টা শ্ৰীপদ চৌধুৰী তথা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকা , উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মা , প্ৰশাসনিক সমিতিৰ সদস্য সদানন্দ দাস , সহঃ অধ্যাপক জিতেন ভাগৱতী উপস্থিত থাকে ।

প্ৰায় ১৫০০ পৃষ্ঠাৰ ৰচনাৱলীখনত পদ্মিনী , সত্য সন্ধৰ প্ৰথম খোজ , জোৱান ডাৰ্ক ,ৰত্ন মালিকা , চৰিত্ৰ পাঠ" , Matriculation Translation and Composition (এইখন ড° বাণীকান্ত কাকতিৰ লগত যুটীয়াভাৱে ) অসমীয়া বচন-ভঙ্গী , কামাল পাঁছা (১৯২৪ ) , ভীষ্ম (১৯২৫) , প্ৰহ্লাদ (১৯২৬) , চাণক্য নীতি , ইছপৰ সাধু , অশোক (এইখনৰ বাবে ১৯৫৮ চনত প্ৰথমবাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিল ) , সময় বালিৰ খোজবোৰ , (এইখনৰ বাবে ১৯৬৭ চনত দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল ) ৰত্নমালিকা , আদৰ্শ ৰচনা শিক্ষা , আদৰ্শ ব্যাকৰণ , বাণীপীঠ ৰচনা পাঠ , Phrases and Idioms , অমৰজ্যোতি (১৯৩৬ ) আৰু জোলোঙাৰ সাধু আদি কৰি প্ৰায় ডেৰকুৰি গ্ৰন্থ সন্নিবিষ্ট হ'ব ।

ইয়াৰ উপৰিও এখন ইংৰাজী আৰু এখন অসমীয়া অভিধান আৰু কেইবাখনো পাণ্ডুলিপি অৱস্থাত থকা গ্ৰন্থও ৰচনাৱলীখনত সন্নিবিষ্ট হ'ব । উল্লেখ্য যে সাহিত্যিকগৰাকীয়ে সাহিত্য কৰ্মৰ বাবে দুবাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱাৰ লগতে কৃতি শিক্ষক হিচাপেও ১৯৬০ চনত ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল ।

আগন্তুক ১৬ ডিচেম্বৰত অৰ্থাৎ সাহিত্যিকগৰাকীৰ জন্মদিনটোত ৰচনাৱলীখন উন্মোচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি শাখা সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ে জানিবলৈ দিছে।

সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰ নাথ শৰ্মা ৰচনাৱলী প্ৰকাশৰ প্ৰস্তুতি
ৰে'লৰ পৰা সন্ধানহীন বাহাৰুল ইছলাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in