নগাঁৱৰ ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হাস্পাতালত ডায়লাইছিচ চেন্টাৰ মুকলি

 নগাঁৱৰ ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হাস্পাতালত ডায়লাইছিচ চেন্টাৰ মুকলি

ডিজিটেল সংবাদ, বটদ্ৰৱা: ৰেন'ফ্ৰেছ (এ ইউনিট অফ নেফ্ৰক্ৰাফ্ট পাইভেট লিমিটেড)Renofresh Dialysis Centre (A Unit of Nephro Craft Pvt. Ltd.)নামৰ এটা প্ৰতিষ্ঠানৰ উদ্যোগত নগাঁও জিলাৰ বৰঘাট বায়পাছত থকা ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হস্পিতালত দেওবাৰে এটি ডায়লাইছিচ চেন্টাৰ মুকলি কৰা হয়। ডায়লাইছিচ চেন্টাৰটো মুকলি কৰে বিশিষ্ট চিকিৎসক তথা ছিমচ মাল্টি স্পেচিয়েলিটি হস্পিতালৰ পৰিচালন সঞ্চালক ডা০ অজিৎ গোস্বামীয়ে।

পুৱা ছিমচ মাল্টি স্পেচিয়েলিটি হাস্পাতালৰ চতুৰ্থ মহলাত মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত এখন সভা অনুষ্ঠিত হয়। ৰেন'ফ্ৰেছৰ কাৰ্যবাহী সঞ্চালক তথা বিশিষ্ট সমাজকৰ্মী ৰাজীৱ দত্তই আঁত ধৰা সভাখনৰ আৰম্ভণি ভাষন প্ৰদান কৰি সঞ্চালক গৌৰৱ দত্তই কয় যে, "২০২০ চনৰ পৰা ৰেন'ফ্ৰেছৰ যাত্ৰা আৰম্ভ হৈছে। প্ৰথম অৱস্থাত ডিব্ৰুগড়ত এখন ডায়লাইছিচ চেন্টাৰ মুকলি কৰা পাছত ৰাইজৰ সুবিধাৰ্থে ডিব্ৰুগড়তে আৰু এখন ডায়লাইছিচ চেন্টাৰ আৰম্ভ হোৱাৰ পাছত আজি মধ্য অসমৰ নগাঁত ক্ৰিটিকেল কেয়াৰ বেকআপ(আই চি ইউ) সংলগ্ন এই ডায়লাইছিচ চেন্টাৰটো মুকলি কৰা হৈছে।

লগতে আগন্তুক দিনত অসমৰ বিভিন্ন ঠাইত আৰু ৫ টা ডায়লাইছিচ চেন্টাৰ আৰম্ভ কৰা হ'ব বুলি তেওঁ কয়। সভাত ভাষন প্ৰদান কৰি ডা০ অজিৎ গোস্বামীয়ে কয় "আজি সুন্দৰ দিন আমি ৰেন'ফ্ৰেছ প্ৰতিষ্ঠানক স্বাগতম জনাইছো। আমাৰ ইয়াত বৃক্ক সংক্ৰান্ত ৰোগ চিকিৎসাৰ হ'ব, ৰোগটো কমোৱা আৰু সজাগতা সৃষ্টি সহায় হ'ব।

চিকিৎসক ডা০ অমৰেন্দ্ৰ দেৱান, ডা০ প্ৰাঞ্জল ডেকাই ভাষন প্ৰদান কৰা সভাৰ শেষত ৰেন'ফ্ৰেছৰ অন্য এগৰাকী সঞ্চালক ৰোহিত শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানটিত খেল ইণ্ডিয়াৰ সহকাৰী অধ্যক্ষ (CO-CHAIRMAN) তপন দাস, বিশিষ্ট শিল্পী ৰঞ্জিত মহন্ত, ৰাজীৱ বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দেৱাশীষ শইকীয়া, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

 নগাঁৱৰ ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হাস্পাতালত ডায়লাইছিচ চেন্টাৰ মুকলি
টেম্পো চালকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in