টেম্পো চালকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে

টেম্পো চালকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
টেম্পো চালকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত খাৰুৱাবান্ধা আৰক্ষী চকীত কৰ্মৰত ট্ৰেফিক আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ তিনিজনীয়া ট্ৰোফিক আৰক্ষীৰ বিৰুদ্ধে চালান নিদিয়াকৈ ধন সংগ্ৰহৰ অভিযোগ। পৰিবহন বিভাগৰ নীতি নিয়ম অমান্য কৰা বাহন চালকসকলক চালানযুক্ত জৰিমনা বিহাৰ বিপৰীতে চালানবিহীন জৰিমনা আদায় কৰাৰ অভিযোগ উঠিছে এই সকল আৰক্ষীৰ বিৰুদ্ধে।

Advertisment

দেওবাৰে খাৰুৱাবান্ধা সপ্তাহিক বজাৰৰ পৰা অবৈধভাৱে কাঠ কঢ়িয়াই অনা এখন টেম্পো গাড়ীসহ দুখন বাহন আৰক্ষীয়ে ৰাস্তাৰ পৰা থানালৈ আনি চালান নিদিয়াকৈ দুয়োখন টেম্পো গাড়ীৰ পৰা ১৫০০ টকাকৈ উৎকোচ সংগ্ৰহ কৰে। এই দাবী টেম্পো চালকদুজনৰ।

অবৈধভাৱে কঢ়িয়াই অনা চোৰাং কাঠৰ বাহনৰ পৰা ট্ৰেফিক আৰক্ষীয়ে চালান নিদিয়াকৈ উৎকোচ সংগ্ৰহ কৰি আৰক্ষী চকীৰ পৰা বাহন দুখন যাবলৈ দিয়া হয়। এই ঘটনাক লৈ জিলা বিজেপিৰ উপ সভাপতি মনিৰুজ্জামান মনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ দাবী তুলিছে।

ট্ৰেফিক আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত তিনিজনীয়া দলে জিলাৰ সদৰত বিভিন্ন বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি অহা বুলিও অভিযোগ পোৱা গৈছে। এই তিনিজনীয়া ট্ৰেফিক আৰক্ষীৰ দলটোই প্ৰতিদিনে চালকক চালান বিহীন জৰিমনা বিহি চৰকাৰে পাবলগীয়া কৰ ফাকি দি অহা পৰিলক্ষিত হৈছে। ঘটনাক লৈ জিলা আৰক্ষীয়ে ট্ৰাফিক আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰাৰ দাবী তুলিছে জিলা বিজেপিৰ উপ সভাপতি জনে।

লক্ষণীয় যে, চালান নিদিয়াকৈ উৎকোচ সংগ্ৰহ কৰা টেম্পো দুখনৰ চালকে সাংবাদিকৰ কেমেৰাত বিষয়টো অৱগত কৰাৰ পাচত চতুৰালীৰে ট্ৰেফিক আৰক্ষীৰ দলটোই নিজে নিজে চালান বনাই তেওঁলোক ধন সংগ্ৰহ কৰা নাই বুলি দাবী কৰে। জিলা আৰক্ষীয়ে বিষয়টো তদন্ত কৰিলে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Also Read: পলাশ আৰু তেওঁৰ পত্নীক আদৰি নোলোৱাৰ কাৰণ ক'লে ছিলাবন্ধা ব্ৰাহ্মণ সমাজে