কোটি টকাৰ কৰ ফাঁকিঃ গোৱালপাৰাত ডি এফ অ'ৰ আশিসত অবৈধ বালি খনন

গোৱালপাৰাৰ ডি এফ অ' তেজশ‌ মৰিস্বামীৰ প্ৰত্যক্ষ ছত্ৰছায়াত ডাম্পাৰে ডাম্পাৰে অসমৰ বালি চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ! দুধনৈৰ ৭.৮৫ কোটি টকীয়া বন্ধ বালি মহলত কিস্তি আদায় নিদিয়াকৈ দিনে-নিশাই চলাইছে অবৈধ খনন। চালানৰ নামত বন বিভাগে দৈনিক বঞ্চিত হৈছে ৯ লক্ষাধিক চৰকাৰী ৰাজহ...
কোটি টকাৰ কৰ ফাঁকিঃ গোৱালপাৰাত ডি এফ অ'ৰ আশিসত অবৈধ বালি খনন

ডিজিটেল সংবাদ, গোৱালপাৰাঃ কাছাৰৰ বিতৰ্কিত ডি এফ অ' তেজশ‌ মৰিশ্বামীয়ে গোৱালপাৰাৰ ডি এফ অ' হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জিলাখনৰ বনজ সম্পদৰ ওপৰত মুকলিকৈ চলাই গৈছে লুণ্ঠন। চূড়ান্ত দুৰ্নীতি আৰু অনিয়মেৰে চৰকাৰ‌ তথা নিজৰ বিভাগক বুজন পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত কৰি বালি চোৰৰ জেপ গধুৰ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই অনা অসমীয়া বিষয়াগৰাকীয়ে। অসম আৰু অসমীয়াৰ সম্পদৰ মূল নুবুজা এইগৰাকী মহিশূৰৰ হিন্দী ভাষী ডি এফ অ' তেজশ মৰিস্বামীয়ে বিগত ২জুনত কাছাৰৰ শিলচৰ সদৰৰ পৰা গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া হিচাপে বদলি হয়। ইয়াৰ দুদিন পিছতে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে তাৎক্ষণিকভাৱে পূৰ্বৰ জিলা বন সংমণ্ডল বিষয়া জেতেন্দ্ৰ কুমাৰ সিঙৰ পৰা দায়িত্বভাৰ লয়।

তেজশ মৰিস্বামীয়ে গোৱালপাৰাৰ ডি এফ অ'ৰ চকীখনত বহাৰে পৰা জিলাখনৰ একাংশ বালি চোৰকে ধৰি চোৰাং কাঠ, ৰঙা-বগা মাটি, শিল-বালি, বল্ডাৰ আদিৰ চোৰাং কাৰবাৰীয়ে মিঠাইৰ টোপোলালৈ কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয়। এই সুযোগতে বিতৰ্কিত বিষয়াগৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ একাংশ বালি চোৰ তথা চোৰাং কাৰবাৰীসকলৰ সৈতে আৰম্ভ কৰে গোপন মিতিৰালি। ইয়াৰ অংশ হিচাপে ডি এফ অ' তেজশ‌ মৰিস্বামীয়ে মাটিয়াৰ জে'ল ফেৰৎ দাগী বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলাম ওৰফে ইমৰাণ/ধনোৰ সৈতে গঢ়ি তুলিছে এক ঘনিষ্ঠ সম্পৰ্ক। ডি এফ অ' তেজশে শেহতীয়াকৈ বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামক পাৰি দিছে জিলাখনৰ বনজ সম্পদ লুণ্ঠন কৰাৰ বৰপীৰা। পৰিণতিত ডি এফ অ' তেজশ‌ মৰিস্বামীৰ প্ৰত্যক্ষ ছত্ৰছায়াত বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামে কিস্তি অনাদায়ে নিজৰ বন্ধ হৈ থকা ৭.৮৫ কোটি টকীয়া বালি মহলত শেহতীয়াকৈ ব্যাপক লুটপাত চলোৱা পৰিলক্ষিত হৈছে।

গোৱালপাৰাৰ মাটিয়া অঞ্চলৰ ইছলামপুৰত থকা দুধনৈ নৈৰ এই বন্ধ বালি মহলটোৰ পৰা মুকলিকৈ দিনে-নিশাই সমানে ব্যাপক হাৰত অবৈধভাৱে ৰঙা বালি খনন কাৰ্য চলাইছে। আনকি চাহাবুল‌ ইছলামে খনন বিভাগৰ সকলো নীতি-নিয়ম উলংঘা কৰি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি দুধনৈ নৈৰ বুকুত অতি নিৰ্দয়ভাৱে চলাই গৈছে বালি খনন।অবৈধ বালি উত্তোলন কৰা যন্ত্ৰ, এক্সকেভেটৰ লগাই দিনে-নিশাই নৈৰ বুকুৰ পৰা উত্তোলন কৰা বালি বিনা চালানে ডাম্পাৰে ডাম্পাৰে গোৱালপাৰা জিলাকে ধৰি ইয়াৰ নিকটতম জিলাসমূহ আৰু বহিঃৰাষ্ট্ৰ বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অবৈধ বালি খনন আৰু সৰবৰাহৰ ফলত বিভাগ তথা ৰাজ্য চৰকাৰে প্ৰতিদিনে বঞ্চিত হৈ আহিছে কেইবালক্ষাধিক ৰাজহৰ পৰা। উল্লেখ্য যে, জিলাখনৰ মাটিয়া অঞ্চলৰ চাহাবুল ইছলামে বিগত প্ৰায় দুই দশক ধৰি বৈধ বালি মহলৰ আৰ লৈ দুধনৈ নৈৰ বালি ব্যাপক হাৰত চোৰ কৰি বিভাগৰ নিদ্ৰাহৰণ কৰি আহিছে।

এনে সময়তে ২০২২ চনৰ প্ৰথম ভাগতে দুধনৈ নৈৰ ৩ নং (বি) বালি মহলটো ৭.৮৫ কোটি টকাত চাহাবুল ইছলামে বিভাগীয় নীতি-নিয়ম অনুসৰি ৭ বছৰৰ বাবে আবণ্টন লাভ কৰে। একেটা বৰ্ষৰ মে' মাহত মহলৰ প্ৰথমটো কিস্তি আদায় লৈ বন বিভাগে মহলটোৰ ৪ হেক্টৰ পৰিসৰো বুজাই দিয়ে তথাকথিত মহলদাৰ চাহাবুলক। জানিব পৰা মতে ৭বছৰত মহলটোৰ বালি খনন কৰা লিমিট হ'ল ১ লাখ ৪০ হেজাৰ চি এম। সেই হিচাপত এবছৰত মহলটোৰ পৰা বালি উত্তোলন কৰা লিমিট হ'ল ২০ হেজাৰ চি এম।সেই দৰে মহলটোৰ দৈনিক বালি খননৰ লিমিট হ'ল মাত্ৰ ৫৫ চি এম। অৰ্থাৎ দৈনিক আঢ়ৈ ডাম্পাৰ বালি মহলটোৰ পৰা বিক্ৰী কৰিব পাৰিব মহলদাৰে।

প্ৰণিধানযোগ্য যে, একোখন ডাম্পাৰত বিভাগীয়ভাৱে ৰঙা বালিৰ বহন ক্ষমতা হ'ল ২২ চি এম। ইপিনে ৭.৮৫ কোটি টকীয়া মহলটোৰ বছৰী চাৰিটা কিস্তি। একোটা কিস্তিৰ পৰিমাণ ২৮ লাখ টকা। ইয়াৰোপৰি ১০ শতাংশ ডি এম এফ কৰ, ১০ শতাংশ এম এম ডি আৰ আৰ কৰ, ৫ শতাংশ জি এছ টি আৰু ২ শতাংশ আয়কৰ দিব লাগে। মুঠতে একোটা কিস্তিত ৩৫/৩৬ লাখ টকা বিভাগক আদায় দিব লাগে মহলদাৰে। পূৰ্বৰ বালি চোৰৰ সাম্ৰাজ্য বাহাল ৰখাৰ উদ্দেশ্যে ধুৰন্ধৰ মহলদাৰ চাহাবুলে মহটোৰ এটা কিস্তি দিয়েই বন বিভাগক কিস্তি দিয়া বন্ধ কৰে। গতিকে ১০/১২ লাখ টকাৰ মহল ৭.৮৫ কোটি টকাত লোৱা‌ আৰু পিচত এটা কিস্তি দি কিস্তি বন্ধ কৰাৰ অন্তৰালত কি অভিপ্ৰায় আছে সেয়া স্পষ্ট ৰূপত ধৰা দিছে। কিস্তি দিয়া বন্ধ কৰি বন বিভাগৰ চকুত ধূলি দি মহলটোত দিনে-নিশাই অবৈধ বালি উত্তোলক মেছিনৰ সহায়ত ব্যাপক হাৰত জধে-মধে খনন চলাই চৰকাৰী চালান ফাকিৰে দৈনিক ৫০/৬০খন ডাম্পাৰ লগাই ৰঙা বালি চোৰাংকৈ সৰবৰাহ কৰি লুণ্ঠন আৰম্ভ কৰে।

বালি চোৰ চাহাবুলে প্ৰায় ছমাহ ধৰি এই লুণ্ঠন চলায়। অৱশেষত সচেতন মহলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ ডি এফ অ' জিতেন্দ্ৰ কুমাৰ সিঙে চৰজমিন তদন্ত চলাই আৰু বিভাগীয় কিস্তি আদায় নিদিয়াৰ বাবে মহলটো বন্ধ কৰি দিয়ে। ইয়াৰ পিচতো চাহাবুলে নিশাৰ ভাগত বালি চুৰি কাৰ্য অব্যাহত ৰাখে। ২০২২ চনৰ ১৯ অক্টোবৰৰ নিশা ১০.৩০মান বজাত এই বালি চোৰৰ বিৰুদ্ধে ডি এফ অ'ৰ নেতৃত্বত বন বিভাগৰ এটি দলে মাটিয়াৰ ৪৬ নং ৰাজ্যিক ঘাই পথত অভিযান চলাই চোৰাং বালি ভৰ্তি এ এছ ০১ এল চি ৩৬৩৩ পঞ্জীয়ন নম্বৰৰ ডাম্পাৰ এখন জব্দৰ কৰে আৰু চোৰাং বালি সৰবৰাহ কৰা ১০খনমান‌ ডাম্পাৰ পলাই সাৰে। জব্দকৃত ডাম্পাৰখন এগৰাকী বনকৰ্মীয়ে চালকৰ সৈতে ৪৬ নং ৰাজ্যিক ঘাই পথেৰে গোৱালপাৰালৈ আনি থকা অৱস্থাত চালকে ডাম্পাৰখন অকস্মাতে বালি চোৰৰ চৰ্দাৰ চাহাবুলৰ ইছলামপুৰস্থিত ঘৰৰ চৌহদত সোমাই দি গেট বন্ধ কৰি বনকৰ্মীগৰাকীক আৱদ্ধ কৰে। বনকৰ্মীজনক মাজ নিশা মাটিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিব লগা হয়।

এই সন্দৰ্ভত ২০ অক্টোবৰত বন বিভাগৰ এজাৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৯৪/৩৪১/৩৫৩/৫০৬ ধাৰত ১৩১/২০২২ নং গোচৰ ৰুজু কৰি বালি চোৰ চাহাবুলক গ্ৰেপ্তাৰ কৰে। পিচত চাহাবুলক জে'ললৈ প্ৰেৰণ কৰে আদালতে। প্ৰায় তিনি মাহ পিচত চাহাবুলে জামিনত মুকলি হয়। ইমানৰ পিছতো চাহাবুলে পৃষ্ঠপোষকতা কৰা বালি চোৰৰ‌ ছিণ্ডিকেট চক্ৰটোৱে মাজে সময়ে বন বিভাগৰ চকুত ধূলি দি চুৰি কাৰ্য অব্যাহত ৰাখে। কিন্তু বন বিভাগৰ জোৰদাৰ অভিযানত ছিণ্ডিকেট চক্ৰটো নিস্ক্ৰিয় হ'বলৈ বাধ্য হয়। তাৎপৰ্যপূৰ্ণ বিষয় যে, ডি এফ অ' জিতেন্দ্ৰ কুমাৰ সিঙে বদলি হোৱাৰ পিচত তেজশ মৰিস্বামীয়ে ডি এফ অ'ৰ দায়িত্বভাৰ লোৱাৰ লগে লগে জে'ল ফেৰৎ‌ বালি চোৰৰ চৰ্দাৰ চাহাবুল‌ ইছলাম পুনৰ সক্ৰিয় হৈ পৰিছে।

নৱ নিযুক্ত দুৰ্নীতিপৰায়ন ডি এফ অ' তেজশ‌ মৰিস্বামীৰ সৈতে গোপন বুজাবুজি কৰি দুধনৈ‌ নৈৰ বন্ধ হৈ থকা বিশাল বালি মহলটোৰ কোনো কিস্তি আদায় নিদিয়াকৈ ব্যাপক হাৰত খনন কাৰ্য আৰম্ভ কৰিছে চাহাবুল আৰু বালি চোৰৰ সাংগোপাংগৰ দলে। বিভাগীয় এক বিশ্বস্ত সূত্ৰই সদৰি কৰা মতে চাহাবুল ইছলামৰ নামত আবণ্টিত মাটিয়াৰ ইছলামপুৰত থকা দুধনৈৰ নৈৰ ৩ নং(বি) বালি মহলটোত বিগত জুলাই মাহলৈকে দুটা কিস্তি অনাদায় থকাৰ বিপৰীতে চলিত আগষ্ট মাহত এটা কিস্তি বন বিভাগক দিবলগীয়া আছে। এই আদায় দিবলগীয়া ৩টা কিস্তিৰ মুঠ পৰিমাণ প্ৰায় ১ কোটি ৮ লাখ টকা। কিস্তি সময় মতে (তিনি মাহৰ মূৰে মূৰে) মহলদাৰে আদায় দিলেহে বিভাগে মহলদাৰৰ লগত চুক্তিপত্ৰত স্বাক্ষৰ কৰি তিনি মাহৰ বাবে মহলৰ বালি সৰবৰাহ কৰাৰ অনুমতি আৰু চালান দিয়ে। কিন্তু কিস্তি অনাদায়ে কোনো চালান নোহোৱাকৈ মহলটোত দিনে-নিশাই ব্যাপক হাৰত জধে-মধে বালি খনন কৰি ডাম্পাৰে ডাম্পাৰে চোৰাংকৈ ব্যাপক হাৰত বালি সৰবৰাহ কৰি আছে চাহাবুল ইছলামে। নিশাৰ ভাগত অতি গোপনে কাষৰীয়া ৰাজ্য মেঘালয় হৈ এই চোৰাং বালি বাংলাদেশলৈও সৰবৰাহ কৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বালি চোৰৰ চৰ্দাৰ চাহাবুলৰ বিৰুদ্ধে।

ইয়াৰ পূৰ্বেও দুবছৰমান পূৰ্বে মাটিয়া-দোমনীৰ বালি মহলত মহলদাৰ তপন দৈমাৰীৰ চকুত ধূলি দি দুধনৈ নৈৰ বুকুত দুখনকৈ জাহাজেৰে অবৈধভাবে বালি খনন কৰি ব্যাপক হাৰত বালি সৰবৰাহ কৰিছিল। বন বিভাগৰ একেটা সূত্ৰই জানিব দিয়া মতে প্ৰতি চি এম বালিত ১৩শতকৈ অধিক টকাৰ চালান কাটিব লাগে। একোখন ডাম্পাৰত ২২ চি এম বালি বোজাই কৰা হয়। এনে ক্ষেত্ৰত বালি চোৰৰ চৰ্দাৰে দৈনিক একোখন ডাম্পাৰত দৈনিক ১৩শৰ হিচাপত ২২ চি এম বালিত ২৮ হেজাৰ টকাৰ ৰাজহ(চালান) বন বিভাগক ফাকি দি আহিছে। জানিব পৰা মতে দিনে-নিশাই অতি কমেও ২০ৰ পৰা ৩০খন ডাম্পাৰৰ সহায়ত মহলটোৰ পৰা বালি চোৰাং কৈ সৰবৰাহ কৰি থকা হৈছে।সেই হিচাপত দৈনিক ৩০খন ডাম্পাৰে ৮ লাখ ৪০ হেজাৰ ৰাজহ বন বিভাগ তথা ৰাজ্য চৰকাৰক ফাকি দি আহিছে চাহাবুল ইছলামে।

দৈনিক ৮ লাখ ৪০ হেজাৰকৈ ৰাজহ ফাকি দিলে মাহেকত বন বিভাগে ২.৫কোটি টকা ৰাজহ অকল চালানৰ নামত বঞ্চিত হৈছে। ৭.৮৫ কোটি টকাৰ মহলৰ কিস্তিটো আছেই। উল্লেখ্য যে দুধনৈৰ ৭.৮৫ কোটি টকীয়া ৩ নং (বি) বালি মহৰ তিনিটাকৈ কিস্তি আদায় নিদিয়া মহলদাৰক বন বিভাগে ব্লেক লিষ্টেড হে কৰিব লাগিছিল। কিন্তু তাকে নকৰি ডি এফ অ' তেজশ মৰিস্বামীয়ে মোতা অংকৰ ধনৰ বিনিময়ত বালি চোৰৰ চৰ্দাৰ চাহাবুল ইছলামক বনজ সম্পদৰ ওপৰত লুটৰাজ চলাবলৈ মুক্ত লাইচেন্স প্ৰদান‌ কৰি চৰকাৰক বৃহৎ‌ অংকৰ ৰাজহৰ পৰা বঞ্চিত কৰি বিভাগীয় অপৰাধত সংঘটিত কৰিছে। এইক্ষেত্ৰত চৰকাৰে ডি এফ অ' আৰু মাটিয়াৰ জে'ল ফেৰৎ দাগী বালি চোৰ চাহাবুল ইছলামৰ বিৰুদ্ধে কি ব্যাৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় বিষয়ত পৰিণত হৈছে।

কোটি টকাৰ কৰ ফাঁকিঃ গোৱালপাৰাত ডি এফ অ'ৰ আশিসত অবৈধ বালি খনন
অসম বাস্কেটবল খেলুৱৈ বাছনিত অনিয়মঃ যোগ্য খেলুৱৈক বঞ্চিত কৰাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in