/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ccd2e476-610d-42d0-b99f-3a11aeca80a9/0003.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : অসম কলেজ শিক্ষক সন্থাৰ আহ্বান অনুসৰি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটে মঙলবাৰৰ পৰা দুদিনীয়াকৈ কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। এই প্ৰতিবাদী কাৰ্য্যসূচীত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি বাহাল ৰখা, শিক্ষকসকলৰ বকেয়া ধন আদায়, সহযোগী অধ্যাপকক তালিকা প্ৰকাশ কৰা,পিএইচডি অনুসৰি বাৰ্ষিক বৃদ্ধি, জ্যেষ্ঠাতাৰ ভিত্তিত পদোন্নতি মুকলি আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/35b7581c-40ad-488a-bbfe-b7c6d553e893/dc60aff2_f00d_4f64_9810_37168664c96f.jpg)
প্ৰতিবাদী কাৰ্যসূচীত ধিং মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি আব্দুল কাদিৰে ভাষণ প্ৰদান কৰি 'ইতিমধ্যে দেশৰ ৰাজস্থান, ছত্তিশগড়কে আদি কেইবাখনো ৰাজ্যই নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেঞ্চন নীতি বাহাল ৰখাৰ ব্যৱস্থা আৰম্ভ কৰিছে, তাৰোপৰি মধ্যপ্ৰদেশ চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি আমাক ন্যায় প্ৰদান কৰক।' বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d57e0e9e-202a-4d3f-9a4f-f815075aa76d/9d69d8d3_e013_4420_b228_8c655efdbb77.jpg)
লগতে শিক্ষক গোটৰ সম্পাদক ড০ লক্ষীনন্দন বৰদলৈয়ে 'অসমৰ কলেজ শিক্ষক-কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাসমূহৰ কথা অনুধাৱন কৰি বাস্তৱ আৰু ফলপ্ৰসু কাৰ্যপন্থা গ্ৰহণ কৰাবলৈ আহ্বান জনায়। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মালৈ আহ্বান জনাই, তেওঁৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যই গতিশীলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ দৰে কলেজ শিক্ষকসকলৰ ওপৰোক্ত সমস্যাসমূহৰ সমাধান কৰি তেওঁলোকৰ লগতে পৰিয়ালসমূহৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ অনুৰোধ জনায়।
Also Read: গোলাঘাটত এন পি এচ শিক্ষক কৰ্মচাৰী সন্থাৰ পুৰণা পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী