/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0aa37fb4-f142-4df2-8083-41722595b748/0002.jpg)
ডিজিটেল সংবাদ গোলাঘাট : সদৌ অসম চৰকাৰী এন পি এচ শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে মঙলবাৰৰ পৰা পুৰণা পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰা হৈছে। সেয়ে বুধবাৰে পুৱা ১১ বজাত গোলাঘাট জিলা এন পি এচ শিক্ষক কৰ্মচাৰী সন্থাই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/40d6ed99-6d45-4aeb-905c-1fbe42a6fe30/b45ae34b_9bca_4af1_b563_cd51d5918abf.jpg)
এই কাৰ্যসূচীৰ অংশ স্বৰূপে গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সমীপৰ গান্ধী প্ৰতিমূৰ্তিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। এই সমদল বাহিৰ কৰি জিলা আয়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4b87a5ce-b682-4cb8-b2dd-e3c86295671a/95aa4b2b_9511_4e69_a4b9_b97875748abd.jpg)
জিলাৰ সভাপতি দুষ্যন্ত শৰ্মা ,সম্পাদক জিসান বৰা , গোলাঘাট সদৰ আঞ্চলিকৰ সভাপতি পৱিত্ৰ দুৱৰা ,সম্পাদক দীপজ্যোতি বৰদলৈৰ লগতে কেইবাখনো আঞ্চলিকৰ সভাপতি সম্পাদকে অংশ লোৱা এই প্ৰতিবাদী সমদলত ৫ শতাধিক শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/178f4fd6-4813-4d30-a5e1-1b80cbfe4180/359b867c_d3d0_4fca_9169_90e5bebc3182.jpg)
তেওঁলোকে "অ পি এচ বাহাল ৰাখক " এন পি এচ বাতিল কৰক " "চৰকাৰী কৰ্মচাৰীৰ অৱসৰী জীৱন সুৰক্ষিত কৰক"আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী সমদলৰ অন্তত জিলা আয়ুক্তৰ প্ৰতিনিধিৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।
Also Read: LIVE UPDATES: চন্দ্ৰ জয় ২০২৩