ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত কুইজ প্ৰতিযোগিতা

ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত কুইজ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত কুইজ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ডি বি টি ষ্টাৰ কলেজৰ কাৰ্যসূচীৰ অধীনত ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ পূৰ্ণিমা দাস বৰাই আঁতধৰা অনুষ্ঠানটিত জেষ্ঠ অধ্যাপিকা ড০ লুনা ফুকনে বন্তি প্ৰজ্বলনেৰে কুইজ প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে।

Advertisment

অনুষ্ঠানটিত উপস্থিত থাকি ধিং মহাবিদ্যালয়ৰ ডি বি টি ষ্টাৰ কলেজৰ সমন্বয়ক ড০ মুকুট মনি শইকীয়াই ডি বি টি ষ্টাৰ কলেজৰ বিভিন্ন কাৰ্যক্ৰমণিকা সমূহৰ বিশ্লেষণ কৰি সেই সমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশত কেনেদৰে সহায়ক হ'ব পাৰে তাৰ আলোকপাত কৰে। কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা খনিত ড০ পূৰ্ণিমা দাস বৰা, ড০ লুনা ফুকন, ড০ উজ্বয়ন্ত দাসেও ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।

প্ৰণীতা বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা, শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শেষত ড০ উজ্বয়ন্ত দাসে শলাগৰ শৰাই আগবঢ়াই।

Also Read: ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

Dhing College