ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপঃ ছাত্ৰ-ছাত্ৰীক “বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ” প্ৰদান...

ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপঃ ছাত্ৰ-ছাত্ৰীক “বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ” প্ৰদান...

author-image
Asomiya Pratidin
New Update
ধনশিৰি মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপঃ ছাত্ৰ-ছাত্ৰীক “বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ”  প্ৰদান...

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ জনসাধাৰণ আৰু বৰ্তমান অব্যাহত থকা উচ্চ শিক্ষাৰ নামভৰ্তি প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চল তথা অৰাজহ এলেকাৰ বাবে ধনশিৰি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা “বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ” প্ৰদানৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

Advertisment

মহকুমা প্ৰশাসনে সোমবাৰে জাৰি কৰা এক বিবৃতি অনুসৰি উক্ত প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে ধনশিৰিৰ সীমাৰ দ্বায়িত্বত থকা দণ্ডাধীশে সাময়িকভাৱে কেতবোৰ স্থান নিৰ্দিষ্ট কৰিছে। উক্ত প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰাসকলক সংশ্লিষ্ট গাঁও প্ৰধান নতুবা গাঁও পঞ্চায়তৰ সম্পাদকৰ পৰা আয়ৰ বৈধ নথি আনিবলৈ অনুৰোধ জনাইছে।

তদুপৰি উল্লেখিত প্ৰমাণ পত্ৰ পূৰ্বৰ দৰেই মহকুমাধিপতিৰ কাৰ্যালয়তো প্ৰদান কৰা কাৰ্য অব্যাহত থাকিব। বিবৃতিটোত উল্লেখ থকা মতে ৭মে'ত পূব-সৰুপথাৰ গাঁও পঞ্চায়ত কাৰ্যালয়, ৯মে'ত চুঙাজান গাঁও পঞ্চায়ত কাৰ্যালয় আৰু ১০মে'ত টেঙানী গাঁও পঞ্চায়ত কাৰ্যালয়ত পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ উক্ত প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।

Also Read: ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মদিন উদযাপন..

uriamghat Dhansiri Sub-Divisional Administration Annual Income Certificate