ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মদিন উদযাপন..

মনে প্ৰাণে আজিও তৰুণ ..
ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মদিন উদযাপন..

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ এগৰাকী শতায়ু গৰকা তৰুণ। পাৰ্থিৱ শৰীৰত বাৰ্ধক্যই ক্ষুদ্ৰ জঠৰতা আনিলেও মনে প্ৰাণে আজিও তৰুণ হৈয়ে আছে। ১৯১৬ চনত জন্ম গ্ৰহণ কৰিছিল এইগৰাকী বৰ্ষীয়ান নাগৰিক ঘনশ্যাম শইকীয়া।

ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁৱৰ প্ৰয়াত কমল চন্দ্ৰ শইকীয়া আৰু নিগনি শইকীয়াৰ সুপুত্ৰ ঘনশ্যাম শইকীয়াই সোমবাৰে পদাৰ্পণ কৰিলে ১০৮ বছৰত। সম্ভৱতঃ ঢকুৱাখনা মহকুমাৰ ভিতৰতে সদাসক্ৰিয় সৰ্ববয়স্ক নাগৰিক হিচাবে পৰিগণিত ঘনশ্যাম শইকীয়াই ১০৮ বছৰীয়া জন্মদিৱসটি সোমবাৰে নিজ পছন্দৰে উদযাপন কৰে।

বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ ঘনশ্যাম শইকীয়াৰ এই ১০৮ সংখ্যক জন্ম দিনটোত নিজে কে'ক কাটি পুত্ৰ কন্যা,অভ্যাগত,অনুজ ,শুভাকাংক্ষী আৰু পৰিয়ালবৰ্গৰ সৈতে উদযাপন কৰে। জীৱন পৰিক্ৰমাৰ শতবর্ষ অতিক্ৰম কৰিও বাৰ্ধক্যৰ ওচৰত হাৰ নমনা শইকীয়াৰ এই ১০৮সংখ্যক জন্ম দিন উপলক্ষে সোমবাৰে পিতৃ পুৰুষ গৰাকীৰ নিজা বাসগৃহত এক কাৰ্যসূচী আয়োজন কৰা হয়।

জ্যেষ্ঠ নাগৰিক পৃথু বৰাই আঁত ধৰা এই বৰ্ণিল জন্ম দিনৰ কাৰ্যসূচী উদ্বোধন কৰে হেম বৰুৱাই ।ইয়াৰ পাছতে শতায়ু অতিক্ৰম কৰা পিতৃ পুৰুষ শইকীয়াৰ জন্ম দিন উপলক্ষত আত্মীয় স্বজন,গুণগ্ৰাহী,ইষ্ট কুটুম্বৰ লগতে অগণন গুণমুগ্ধই ধৰ্মপ্ৰাণ শইকীয়াৰ চৰণ চুই প্ৰণিপাত জনাই গামোচা , চেলেং চাদৰ আদিৰে মান্যতা প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে ।

পৰৱৰ্তী সময়ত পশ্চিম মাছখোৱা অঞ্চলৰ অন্যতম বৰ্ষীয়ান জ্যেষ্ঠ নাগৰিক নাৰায়ণ হাজৰিকা, গোলোক বৰা, বগেন ভৰালী  , গোলাপ চেতিয়াৰ লগতে ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক ভুৱন চমুৱা,ভোলা নাথ গগৈক শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

পত্নী প্ৰয়াত কলিমা শইকীয়াৰ সান্নিধ্য আৰু স্মৃতি ৰোমন্থনেৰে শইকীয়াই অতীত স্মৰণ কৰি চমু বক্তব্য আগবঢ়ায়। জন্মদিনৰ অনুষ্ঠানত শইকীয়াৰ জীৱন শৈলী আৰু আচাৰ আচৰণ সন্দৰ্ভত অভিজ্ঞতালব্ধ বৰ্ণনা আগবঢ়াই অনুজ ,জ্যেষ্ঠ নাগৰিক গোলোক বৰাই ।

শইকীয়াৰ বৰপুত্ৰ হেম কান্ত শইকীয়া , জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ গগৈ , তুলসী শইকীয়া আদিয়েও শতবর্ষ অতিক্ৰমাৰ পাছতো মন প্ৰাণত বাৰ্ধক্যৰ ৰেখাপাত পৰিবলৈ নিদিয়া সুস্থ সবল দয়ালু মনৰ অধিকাৰী ঘনশ্যাম শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।

ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মদিন উদযাপন..
ভূমিস্খলনৰ ফলত বৰাকত ইন্ধনৰ‌ তীব্ৰ নাটনি..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in