জখলাবন্ধাক 'জখলাবন্ধা' হৈ থাকিবলৈ দিয়কঃ মুখ্যমন্ত্ৰীলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ

জখলাবন্ধক 'জখলাবন্ধা' হৈ থাকিবলৈ দিয়কঃ মুখ্যমন্ত্ৰীলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ
জখলাবন্ধক 'জখলাবন্ধা' হৈ থাকিবলৈ দিয়কঃ মুখ্যমন্ত্ৰীলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ

ডিজিটেল সংবাদ কলিয়াবৰ: ''জখলাবন্ধা চহৰৰ মাজেৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ নহ'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শান্তিৰে থাকিব নোৱাৰিব। নতুন প্ৰজন্মই দেশ চলাবও জানে জ্বলাবও জানে। আমাক দেশ জ্বলাবলৈ বাধ্য নকৰিব।'' মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই আহ্বান জনালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সম্পাদক প্লাৱন বৰাই।

শনিবাৰে বিয়লি জখলাবন্ধাৰ মাজ মজিয়াত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ছয়মাহ পূৰ্বে গ্ৰহণ কৰা ৰাজহুৱা শুনানি কাৰ্যকৰী কৰাৰ দাবীত আয়োজিত ৰাজহুৱা সভাত ভাষণ দি ছাত্ৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীক এই মন্তব্য কৰে।

তৃষা শইকীয়াৰ সভানেত্ৰীত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনিত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে ভাষণ দি কয়, চৰকাৰে কৃষকৰ ধাননি পথাৰ নষ্ট কৰি চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব নোৱাৰিব। বাঘৰগঞা সত্ৰৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তই নিজৰ ভাষণত কয় যে, যি দুষ্কৃতিকাৰীয়ে আমাৰ হ'বলগীয়া পথটো নিৰ্মাণত বাধা প্ৰদান কৰিব তাক ৰেহাই দিয়া নহ'ব বুলিও মন্তব্য কৰে।

বিপুল হাজৰিকাৰ উদেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মৃগাংক বৰাই ক্ষোভেৰে কয় যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা জখলাবন্ধা জখলাবন্ধা হৈ থাকিবলৈ দিয়ক। জখলাবন্ধাত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব লাগিব। যদি নহয় তেন্তে আমি দিছপুৰলৈ যাম নহ'লে দিল্লীলৈ যাম। যদি তেতিয়াও কাম নহয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ যুৱ ছাত্ৰ পৰিষদ সাজু আছে বুলিও মন্তব্য কৰে।

সভাত অধিবক্তা প্ৰশান্ত শইকীয়াৰ উপৰি লেখনাথ শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰদীপ লস্কৰেও ভাষণ দি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। সভাত জখলাবন্ধাৰ দুই শতাধিক ব্যৱসায়ী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

জখলাবন্ধক 'জখলাবন্ধা' হৈ থাকিবলৈ দিয়কঃ মুখ্যমন্ত্ৰীলৈ আহ্বান যুৱ ছাত্ৰ পৰিষদৰ
নগাঁও জিলা আয়ুক্তই সাংবাদিকক অপদস্থ কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ কলিয়াবৰ প্ৰেছ ক্লাবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in