/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/dc6f6374-35b0-4d9b-b1f7-ec86d602f883/8.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাই ৰঙামাটি শাখা সাহিত্য সভাৰ উদ্যেগত ৰঙামাটিৰ বৰথেকেৰাবাৰী শংকৰদেৱ হাইস্কুল প্ৰাংগনত বুধবাৰে বিশ্ব পৰিবেশ দিৱস পালন কৰে। দিনযোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰঙামাটি শাখা সাহিত্য সভাৰ সভাপতি টংকেশ্বৰ শইকীয়াই। স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে বৰথেকেৰাবাৰী শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক মনিন্দ্ৰ শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bfcb7d4f-7a84-4c6d-a047-0d5f6cc256f6/5f515b22-2d0c-4961-a700-a90f4cab182b.jpg)
গছপুলি ৰোপন কৰে দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা, ৰঙামাটি পাৱলিক হাইস্কুলৰ সহকাৰী শিক্ষক উমেশ চন্দ্ৰ শৰ্মা আৰু শংকৰদেৱ হাইস্কুলৰ সহকাৰী শিক্ষক মনোজ শৰ্মাই। ইয়াৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি আৰু বঁটা বিতৰণী সভা।
দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ বৰুৱাই আঁত ধৰা মুকলি আৰু বঁটা বিতৰণী সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে অসম ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত লেখক সম্বৰ্দ্ধনা প্ৰাপক যুৱ সাহিত্যিক ভাৰ্গৱ কলিতাই। কলিতাই উচ্চ প্ৰযুক্তি শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা আমাৰ চোতাললৈকে পৰিৱেশ কিদৰে বিনষ্ট হৈছে আৰু এইক্ষেত্ৰত আমাৰ কৰনীয় বিষয়ৰ ওপৰত বক্তব্য ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3ec5aac4-897e-4bdf-a3f1-08b6f08690f4/d89be776-a4fb-4c9a-8a7a-e4bc38733b13.jpg)
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, ধনভড়ালী হৰি চন্দ্ৰ শৰ্মা আৰু সাংগঠনিক সম্পাদক পুতুল শইকীয়াই। সভাত বক্তব্য আগবঢ়ায় ৰঙামাটি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল শৰ্মাই। অনুষ্ঠিত হোৱা চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰা ৰক্তিম ডেকা, দ্বিতীয় বৰ্ণীল বিকাশ শৰ্মা, তৃতীয় বিকাশ চহৰীয়া আৰু নিচুকনি বঁটা প্ৰাপ্ত মৃগাংক শইকীয়াক প্ৰমাণ পত্ৰ , গ্ৰন্থৰ টোপোলা আৰু গছপুলি প্ৰদান কৰা হয়।
ৰঙামাটি শাখা সাহিত্য সভাৰ সম্পাদক নয়ন জ্যোতি ডেকা আৰু সহকাৰী সম্পাদক ৰাহুল ডেকাই শলাগৰ শৰাই আগবঢ়োৱা সভাত ৰঙামাটি শাখা সাহিত্য সভাৰ বিষয়ববীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহ সদস্যসকলৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Also Read: অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ফণী ভূষণ চৌধুৰীক উষ্ম আদৰণি