পথ সম্প্ৰসাৰণৰ নামত ধ্বংস হ'ল নগাঁও-ধিং সংযোগী পথৰ দুয়োকাষে থকা শ শ বৃক্ষ

পথ সম্প্ৰসাৰণৰ নামত ধ্বংস হ'ল নগাঁও-ধিং সংযোগী পথৰ দুয়োকাষে থকা শ শ বৃক্ষ

ডিজিটেল সংবাদ, বটদ্ৰৱা: ৰাজ্যত বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ পথ সম্প্ৰসাৰণৰ নামত নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানি পথটো বন ধ্বংসযজ্ঞ চলিছে। পথ সম্প্ৰসাৰণ তথা উন্নয়নৰ নামত বনবিভাগে ধ্বংস কৰিছে শ শ প্ৰাচীন বৃক্ষ। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ মূল পথটি হৈছে নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানী পথ। নগাঁও চহৰৰ উৰনীয়া সেতুৰ পৰা বটদ্রৱা হৈ ধিং সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি সম্প্ৰতি উন্নীতকৰণ তথা নিৰ্মাণ হৈ থকাৰ বাবেই পথৰ দুয়োকাষে থকা এই গছ গছনি কাটি তহিলং কৰা হৈছে।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ ২৬ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে অসম দৰ্শন আঁচনিৰ অধীনত নগাঁও-বটদ্ৰৱা সংযোগী পথটো উন্নীতকৰণ কৰিবলৈ প্রায় ২০০ কোটিৰো অধিক টকা আবন্তন কৰি শুভাৰম্ভ কৰাৰ পাছতো বৰ্তমানলৈকে (লেহেমীয়া গতিৰে) নিৰ্মাণ কাৰ্য্য চলি আছে। যাৰ পৰিপেক্ষিতত এই পথটোৰ কাষে কাষে থকা শাল, চেগুন, গমাৰী, আঁহত, কদম, বকুল, শিলিখা, বগৰী, টেটেলী, আম, বেল, আমলখি, নিম, জামুক, ডিমৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, সোনাৰু, শিমলু, তাল, খেজুৰ, মদাৰ আদি ভিন্ন প্ৰজাতিৰ শ শ বছৰীয়া গছ কাটি পেলোৱা হৈছে।

আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বৃহত্তৰ অঞ্চলটোত গছ গছনি, পশু পক্ষীৰ আৱাসস্থলী হিচাপে পুৰনি গ্ৰন্থ সমূহত উল্লেখ আছে। গুৰুজনাৰ সময়ত বটদ্ৰৱাৰ পশ্চিমে কদম গাছে ভৰি থকা অঞ্চলটো কদমণি বুলি খ্যাত। তাৰোপৰি ভেটিয়নী গাঁৱৰ পথৰ দক্ষিণ দিশত থকা বৃহৎ বকুল জুপিৰ বাবেই বকুল তল, কৰৈগুড়িৰ জামুক গছৰ বাবে জামতল আদি বহু ঠাইৰ নামৰ লগত গছ গছনিৰ ঐতিহ্য জড়িত হৈ আছে।

চৰকাৰ তথা বন বিভাগে সময়ে সময়ে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসৰ ফলত উষ্ণতা বৃদ্ধিকে আদি কৰি প্ৰকৃতিৰ ভাৰসাম্যত বাৰুকৈয়ে প্ৰভাৱ পৰিছে। এই গছসমূহ কাটি তহিলং কৰাৰ পাছত ইয়াৰ বিপৰীতে যি পৰিমাণৰ গছ-গছনি ৰোপণ কৰিব লাগিছিল সেই পৰিমাণৰ গছ ৰোপণ কৰা নাই আৰু কৰিছে যদিও সি কাগজে কলমেহে পৰিস্ফুত হৈছে। যাৰ বাবে বন বিভাগৰ এই কাণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নগাঁও বটদ্ৰৱা ধিং সংযোগী পথৰ দাঁতিত থকা উক্ত গছসমূহ চৰাই-চিৰিকটি আৰু মৌ মাখিৰ বাসস্থান হোৱাৰ উপৰিও পথচাৰীৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিৰ ভাৰসাম্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিততেই উন্নয়নৰ নামত বনবিভাগে বৃহৎ পৰিমাণৰ গছ ধ্বংস কৰাৰ পাছত গছপুলি ৰোপণ আৰু বন সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে ক্ষোভ প্ৰকাশ কৰিছে।

চৰকাৰ তথা বন বিভাগক মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত ঠাই সমূহত বনানীকৰণৰ প্ৰকল্প গ্ৰহণ কৰি সেউজী ধৰণী ধুনীয়া কৰিবলৈ স্বেচ্ছাসেৱী সংগঠনৰ বটবৃক্ষ, এ বি আৰ চি ফাউণ্ডেশ্যন, বিকাশৰ লগতে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, বটদ্ৰৱা সংখ্যালঘু ছাত্ৰ সন্থা, ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভাকে আদি কৰি বিভিন্ন দল সংগঠনে দাবী তুলিছে।

পথ সম্প্ৰসাৰণৰ নামত ধ্বংস হ'ল নগাঁও-ধিং সংযোগী পথৰ দুয়োকাষে থকা শ শ বৃক্ষ
জামুগুৰিহাটত গাঞ্জাসহ আটক এজন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in