ভাৰত-ম্যানমাৰ সীমাত বোমা বিস্ফোৰণ : এজন নিহত

ভাৰত-ম্যানমাৰ সীমাত বোমা বিস্ফোৰণ : এজন নিহত

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, বেকাজান : ভাৰত-ম্যানমাৰ সীমান্ত স্তম্ভ ৮৯, ৯০, আৰু ৯১ সমীপত বুধবাৰে এক শক্তিশালী বোমা বিস্ফোৰণ সংঘটিত হয়। কুকি নেচনেল আৰ্মিয়ে সংস্থাপিত কৰা বুলি সন্দেহ কৰা এই বিস্ফোৰণত এন এছচিএন নগা আৰ্মিৰ এজন কেডাৰৰ নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়।

Advertisment

মৃত কেডাৰজন নাগালেণ্ডৰ টোচেজু গাঁৱৰ ঝেনতো আছুমিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। তেওঁ নগা সেনাবাহিনীৰ মেজৰ হুছেয়া আছুমী ।

আন দুজন আহত ব্যক্তিৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তত সংস্থাপিত কৰা লেণ্ডমাইনৰ ফলত এই বিস্ফোৰণ হ’ব পাৰে !

Also Read: ওদালগুৰি অভিমুখে কাৰ্বি আংলং জিলাৰ ১১ জনীয়া বক্সাৰ দল ৰাওনা

bekajaan