চামগুৰিত কলংৰ পানীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

চামগুৰিত কলংৰ পানীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

author-image
Asomiya Pratidin
New Update
চামগুৰিত কলংৰ পানীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

চামগুৰিত কলংৰ পানীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...

ডিজিটেল সংবাদ চামগুৰিঃ চামগুৰিৰ গেৰুৱামুখত কলংৰ পানীত উদ্ধাৰ হৈছে এটা মৃতদেহ। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ফৰিদুল ইছলামৰ বুলি চিনাক্ত।

Advertisment

উল্লেখ্য যে, মঙ্গলবাৰে পুৱাি গেৰুৱামুখৰ কলংৰ পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে অৰ্ধগলিত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে বাজিয়াগাঁৱৰ ফৰিদুল ইলামৰ বুলি চিনাক্ত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।

স্মৰ্তব্য, যে বিগত শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ফৰিদুল ইছলাম নামৰ যুৱকজন। সেয়ে ফৰিদুলক কোনো অজ্ঞাত লোকে হত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে ফৰিদুলৰ কিদৰে মৃত্যু হ'ল সেই বিষয়ে জানিব পৰা যাব। ইতিমধ্যে ফৰিদুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিবেশনৰ লাইখুঁটা স্থাপন...

চামগুৰি