শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিবেশনৰ লাইখুঁটা স্থাপন...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিবেশনৰ লাইখুঁটা স্থাপন...

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিবেশনৰ লাইখুঁটা স্থাপন...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিবেশনৰ লাইখুঁটা স্থাপন...

ডিজিটেল সংবাদ ঢকুৱাখনা: এক শৰণ নাম ধৰ্মৰ প্ৰবৰ্তক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ অপূৰ্ব সৃষ্টিশীলতাক নিৰন্তৰ প্ৰচাৰ প্ৰসাৰ কৰি অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ অধিবেশন ভাগি অনুষ্ঠিত কৰাৰ তৎপৰতা আৰম্ভ হৈছে। ঢকুৱাখনা জিলা শাখাৰ ভকত বৈষ্ণৱসকলৰ আকুণ্ঠ প্ৰচেষ্টাত আৰু বিভিন্ন আঞ্চলিক আৰু শাখা সমিতিসমূহৰ সহযোগত অহা ১৯, ২০ আৰু ২১ জানুৱাৰীত ৩৩ সংখ্যক জিলা অধিবেশন ভাগি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

সোৱণশিৰী আঞ্চলিক শাখাৰ আতিথ্যত স্বৰ্ণপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত অনুষ্ঠিতব্য এই জিলা অধিবেশনৰ পবিত্ৰ লাইখুঁটা ভাগ সোমবাৰে স্থাপন কৰা হয়। "স্বৰ্ণপুৰ সমন্বয় ক্ষেত্ৰ"নামাংকন কৰি এই পবিত্ৰ ক্ষেত্ৰত সোমবাৰে অগণন আই বাপ সমস্তৰ উপস্থিতিত গুৰুবাদ্য আৰু হৰি নামৰ অপূৰ্ব ধ্বনি,আয়তীৰ উৰুলিৰ মাজত,ভকত বৈষ্ণবৰ সহযোগিতাত পবিত্ৰ মূল মণ্ডপৰ লাই খুঁটা স্থাপন কৰে জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে। 

ইয়াৰ পাছতে সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় মুকলি সভা। জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ শুভ উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক পুতুল শইকীয়াই। জিলা শাখাৰ সম্পাদক পুতুল শইকীয়াই আঁত ধৰা সভাত অধিবেশনৰ প্ৰস্তুতি আৰু গ্ৰহণ কৰিবলগীয়া ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত বিশদ আলোচনা হোৱা সভাত সন্মানীয় অতিথি হিচাপে সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোঁহাই, শৰণ সদস্য থানেশ্বৰ বৰা আদিয়ে অংশগ্ৰহণ কৰে।

সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য মনোজ গগৈ, আই মাতৃ কল্যান শাখা সমিতিৰ সদস্যা লাবন্য শইকীয়া বৰুৱা, ৰূপালী বৰুৱা, জিলা সেৱাবাহিনীৰ ৰক্তদানৰ কোষৰ সমন্বয়ক অৰ্ণিন্দ্ৰিতা ৰাজখোৱা, সংঘৰ একনিষ্ঠ পৰম সেৱক পৰমা কোঁৱৰ, নক্ষ্য গগৈ,  পবিত্ৰ চুতীয়া ,হেমন্ত ভৰালী,বগেন কোচ আদি প্ৰায় ৭ শতাধিক ভক্ত প্ৰাণ ৰাইজ আৰু আদৰণি সমিতিৰ সমূহ বৈষ্ণৱ উপস্থিত থকা সভাত বিভিন্ন বক্তাই বক্তব্য আগবঢ়াই জিলা শাখাৰ ৩৩ সংখ্যক অধিবেশন ভাগি সফলতাৰে অনুষ্ঠিত কৰাত ভকত বৈষ্ণব সবৰ ভক্তিপূৰ্ণ সহযোগিতা কামনা কৰা হয়।

Also Read: নামচাঙত কয়লা শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ সন্ধানহীন বৰহোলাৰ যুৱক...

ঢকুৱাখনা শ্ৰীমন্ত শংকৰদেৱ সংঘ