বঢ়মপুৰৰ বামুনী-ধনতোলা জলাহত উদ্ধাৰ মৃতদেহ...

বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰৰ বামুনী-ধনতোলা জলাহত উদ্ধাৰ মৃতদেহ...

বঢ়মপুৰৰ বামুনী-ধনতোলা জলাহত উদ্ধাৰ মৃতদেহ...

ডিজিটেল সংবাদ বঢ়মপুৰঃ শনিবাৰে পুৱাই নগাঁৱৰ বঢ়মপুৰৰ বামুনী-ধনতোলা জলাহত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। জানিব পৰা মতে প্ৰথমে স্থানীয় লোকে অৰ্ধগলিত অৱস্থাত পানীৰ মাজত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।

Advertisment

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো সমীপৰে বৰবাৰি-কছাৰীগাওঁৰ নবীন বসুমতাৰীৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, যোৱা বুধবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল নবীন বসুমতাৰী নামৰ লোকজন। কিন্তু তেওঁৰ কেনেকৈ মৃত্যু হ'ল সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য উদ্ধাৰ হোৱা নাই। তেওঁৰ মৃত্যু ৰগস্যৰ আবৰ্তত সোমাই পৰিছে। আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰিছে।

Also Read: হাতীগাঁৱত নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...

বঢ়মপুৰ মৃতদেহ উদ্ধাৰ