বটদ্ৰৱা থানত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ষষ্ঠদশ তিৰোভাৱ তিথি পালন

বটদ্ৰৱা থানত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ষষ্ঠদশ তিৰোভাৱ তিথি পালন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৰদোৱাৰ এই পবিত্ৰ ভূমিৰ পৰা কিমান মহান সৃষ্টি হৈছিল তাৰ লেখ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৱে বৰদোৱাত জ্বলোৱা বন্তি গছিৰ পোহৰেৰে সমগ্ৰ বিশ্বতে অসমীয়া জাতিক পোহৰাই তুলিছে। এই মন্তব্য ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ইতিহাসবিদ ড০ বিমান হাজৰিকাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানৰ নাটঘৰত বটদ্ৰৱা নৰোৱা সত্রৰ দশম গৰাকী প্ৰয়াত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ষষ্ঠদশ তিৰোভাৱ তিথি উপলক্ষে "গ্ৰন্থ উন্মোচনী আৰু বৰদোৱা থুলৰ নাচ" বিষয়ক বক্তৃতা অনুষ্ঠান উপস্থিত থাকে ড০ বিমান হাজৰিকা।

হাজৰিকাই লগতে কয় যে, তেওঁৰ জীৱনৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন। আজি তেওঁ স্বৰ্ণশালত আছে। তেওঁৰ সমস্ত অধ্যয়নৰ বহু উৎস আতা পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ পৰা আহৰন কৰিছিল। পূৰ্ন চন্দ্ৰ আতা হাত আৰু মুখ দুয়োটাতে পাৰ্গত আছিল। এই আতাসকলে দি যোৱা পদ্ধতি উত্তৰ প্ৰজন্মই অনুকৰণ কৰিব লাগিব। তেতিয়াহে সংস্কৃতিৰ উত্তৰণ ঘটিব।

মঙলবাৰৰ এই অনুষ্ঠানে সত্ৰাধিকাৰ গৰাকীক ভকতৰ গণ্ডীৰ পৰা মুক্ত কৰি বহু বিশালতা প্ৰদান কৰিছে বুলি এক মনোজ্ঞ, তত্বগধুৰ ভাষন প্ৰদান কৰে। শিল্পী ৰুবুল কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটিত প্ৰয়াত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ স্মৃতি চাৰণ বক্তৃতা প্ৰদান কৰে প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই।

অনুষ্ঠানটিত "বৰদোৱা থুলৰ নৃত্য আৰু ইয়াৰ সম্ভাৱনা" শীৰ্ষক বক্তৃতা প্ৰদান কৰি যোৰহাটৰ বিশিষ্ট নৃত্যশিল্পী মনাশ্ৰী পাঠকে "এই গুৰুভূমিৰ পৰাই অসমীয়া জাতীয় জীৱনৰ বিশাল সংস্কৃতিয়ে পোখা মেলিছিল। বৰদোৱাৰ পৰাই দেৱ বাদ্য খোল, তাল, ৰাগ সংগীতৰ আৰম্ভণিৰ উপৰিও গুৰুৱে বৈকুন্ঠ চিত্ৰ পট আঁকিছিল। বৰদোৱা অসমীয়া জাতিৰ শিৰৰ মুকুট।" বুলি ভাষন প্ৰদান কৰে। মৌচুমী শইকীয়াই পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বৈষ্ণৱ পণ্ডিত, বিশিষ্ট শিল্পী, সত্ৰাধিকাৰ প্ৰয়াত পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ৰচিত "গুৰু বাক্য" আৰু "প্ৰসংগ প্ৰণালী" শীৰ্ষক দুখনি গ্ৰন্থ উন্মোচন কৰা হয়।

বটদ্ৰৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী, আইমাতৃ শান্তি গোস্বামী(প্ৰয়াত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ভাৰ্য্যা), বটদ্ৰৱা থানৰ নামাচাৰ্য ডম্বৰুধৰ নামলগোৱা, যোগেশ নামলগোৱা, সংগীত নাটক একাডেমী বঁটা প্ৰাপক শিল্পী টংকেশ্বৰ হাজৰিকা বৰবায়ন, শিল্পী ৰঞ্জিত মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক ভোগেশ্বৰ বৰা, ব্ৰজেন কাকতি, ইন্দ্ৰমোহন বৰুৱা, কলিয়াবৰ সমাজকৰ্মী থগিত মহন্ত, দিলীপ মহন্ত, পুস্কৰ জ্যোতি মহন্ত, শিল্পী মৃদু মৌচম বৰা, পাপু দাস, কুশ বৰদলৈৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৄ সহ তিনি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত এফাকি ঘোষাৰে সামৰণি মাৰা হয়।

বটদ্ৰৱা থানত সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ ষষ্ঠদশ তিৰোভাৱ তিথি পালন
দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in