নগাঁৱত চাঞ্চল্যঃ পথাৰৰ মাজৰ পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

নগাঁৱত চাঞ্চল্যঃ পথাৰৰ মাজৰ পুখুৰীত  উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ বাংঠাই গাঁৱৰ এটা পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাছ মাৰিবলৈ অহা একাংশ মহিলাই প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰে। পানীত পৰি থকা মৃতদেহটো প্ৰথমাৱস্থাত চিনাক্ত কৰিব পৰা নাছিল।

ৰাইজৰ খবৰৰ ভিত্তিত বেবেজীয়া আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বেবেজীয়া খাটৰগুৰিৰ হেম বৰা (৩০)ৰ বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, হেম বৰা নামৰ যুৱকজন খাটৰ গাঁৱৰ কৃষ্ণকান্ত বৰাৰ পুত্ৰ। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে নিশা ৮বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছিল। নিশা দেৰিলৈকে যুৱকজন ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে ওচৰে পাজৰে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল।

উল্লেখযোগ্য যে যুৱকজনৰ মৃত্যু স্বাভাৱিক কিম্বা কোনো দুৰ্ঘটনাজনিত নহয় বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে আৰক্ষীয়ে কয় যে, মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই। সন্ধিয়াতে ঘৰৰ পৰা নাইকীয়া হোৱা এই যুৱকজনৰ মৃতদেহ কেনেকৈ বাংঠাই গাঁৱৰ পুখুৰীৰ মাজত উদ্ধাৰ হ'ল সেইয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব।

নগাঁৱত চাঞ্চল্যঃ পথাৰৰ মাজৰ পুখুৰীত  উদ্ধাৰ যুৱকৰ মৃতদেহ
মণিপুৰ ম্যানমাৰ সীমান্তত পিপলছ ডিফেন্স ফ'ৰ্চ আৰু উত্তৰ পূবৰ বিদ্ৰোহীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in