মণিপুৰ ম্যানমাৰ সীমান্তত পিপলছ ডিফেন্স ফ'ৰ্চ আৰু উত্তৰ পূবৰ বিদ্ৰোহীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ

দুই বিদ্ৰোহী গোটৰ দুজন নিহত -৯ জন আহত

author-image
Asomiya Pratidin
New Update
মণিপুৰ ম্যানমাৰ সীমান্তত পিপলছ ডিফেন্স ফ'ৰ্চ আৰু উত্তৰ পূবৰ বিদ্ৰোহীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ

মণিপুৰ ম্যানমাৰ সীমান্তত পিপলছ ডিফেন্স ফ'ৰ্চ আৰু উত্তৰ পূবৰ বিদ্ৰোহীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ

ডিজিটেল সংবাদ বেকাজানঃ মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ কামজং জিলাৰ সমীপৱৰ্তী ম্যানমাৰৰ ম্যো থিটৰ সমীপত উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী গোট আৰু ম্যানমাৰৰ দুই বিদ্ৰোহী গোট পিপলছ ডিফেন্স ফৰ্চ অৰ্থাৎ পিডিএফ, কে এন এফ(বি) যৌথ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰমতে মণিপুৰৰ কামজং জিলাৰ সমীপৰ ম্যানমাৰ ম্যো থিটত শুকুৰবাৰে হোৱা ভীষণ সংঘৰ্ষ এতিয়াও অব্যাহত আছে।

Advertisment

খবৰ অনুসৰি এই সংঘৰ্ষত এতিয়ালৈকে ম্যানমাৰৰ বিদ্ৰোহী গোট পিপলছ ডিফেন্স ফৰ্চ আৰু কেএনএফ(বি) দুজন কেডাৰ নিহত হৈছে । ইয়াৰে এজন পিডিএফ কেডাৰ আনজন কেএনএফ(বি) কেডাৰৰ।

আনহাতে এই সংঘৰ্ষত কমেও ৯ জন পিডিএফ কেডাৰ আহত হোৱাৰ লগতে কেএনএফ(বি)ৰ কিছু সদস্য আহত হৈছে। আনহাতে এই সংঘৰ্ষত উত্তৰ-পূব বিদ্ৰোহী পি এল এৰ গোটৰ দুজন কেডাৰ আৰু ম্যানমাৰ সেনাৰ দুজন জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে এই সীমান্ত অঞ্চলত মুখ্যতঃ মণিপুৰৰ মেইটেই বিদ্ৰোহী গোট পিপলছ লিবাৰেচন আৰ্মি (পিএলএ) সক্ৰিয় হৈ আছে। উল্লেখযোগ্য যে ম্যানমাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত আশ্ৰয় লোৱা ম্যানমাৰৰ নাগৰিকক বাধা প্ৰদান কৰা বাবে পিডিএফ আৰু কেএনএফ(বি) কেডাৰে যৌথভাৱে ম্যানমাৰ সেনা শিবিৰ আৰু ম্যো থিটৰ ছাগাইঙৰ থকা সেনা শিবিৰৰ সমীপৰ উত্তৰ-পূব বিদ্ৰোহী গোটৰ শিবিৰত আক্ৰমণৰ কৰে।

বাতৰি অনুসৰি বৃহস্পতিবাৰৰ পৰা অত্যাধুনিক অস্ত্ৰৰে সজ্জিত যথেষ্ট সংখ্যক পিডিএফ আৰু কেএনএফ(বি) কেডাৰে উত্তৰ পূৰ্বৰ বিদ্ৰোহী শিবিৰটো ঘেৰি ধৰি বোমা নিক্ষেপ কৰি তীব্ৰ গুলীচালনাত লিপ্ত হয়। আজি পুৱা গুলীচালনাৰ তীব্ৰতা বৃদ্ধি পায়।

ইফালে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ম্যানমাৰ সেনাই পিডিএফ আৰু কেএনএফ(বি)ৰ স্থানৰ বিৰুদ্ধে বিমান আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। উত্তৰ-পূবৰ বিদ্ৰোহী গোটৰ কেডাৰ নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ বিপৰীতে অঞ্চলটোত মাজে মাজে গুলীচালনা অব্যাহত থকাৰ বাবে ইণ্ডো-ম্যানমাৰ সীমান্ত পৰিস্থিতি অস্থিৰ হৈ আছে।

Also Read: কৰিমগঞ্জৰ পুতনি চাহ বাগিচাৰ লক আউট প্ৰত্যাহাৰ বৰাক চাহ শ্ৰমিক ইউনিয়নৰ..

মণিপুৰ ম্যানমাৰ