/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/755e04ef-c4ab-4cfd-b985-90bbe80d45c6/dhing_03.jpg)
ধিং মহাবিদ্যালয়ত ডি বি টি ষ্টাৰ কলেজ পাঠ্যক্ৰমৰ শুভাৰম্ভ...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত আজি ডি বি টি ষ্টাৰ কলেজ (DBT Star College)ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই ডি বি টি ষ্টাৰ কলেজ (DBT Star College)ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে বিশিষ্ট পৰিবেশ বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰি প্ৰসাদ শৰ্মাই।
ডি বি টি ষ্টাৰ কলেজৰ সমন্বয়ক ড০ মুকুট মনি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষন প্ৰদান কৰে অধ্যক্ষ ড০ বিমান হাজৰিকাই। এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ধিং মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে এটা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6508e81e-4402-4d59-935f-3c0a4830a9a1/c946b9a8_d278_44f9_8f5a_2c6433a99ac7.jpg)
ৰসায়ন বিজ্ঞান বিভাগ মূৰব্বী অধ্যাপক গোবিন চন্দ্ৰ ভৰলীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক বিনোদ বৰাই। আনহাতে অধ্যাপক ড০ হৰি প্ৰসাদ শৰ্মাই নতুনকৈ আৰম্ভ হোৱা ডি বি টি ষ্টাৰ কলেজৰ মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ, ৰসায়ন বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগসমূহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰি ডি বি টি ষ্টাৰ কলেজৰ পাঠ্যক্ৰমৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক দিশত বিশেষ সহায়ক হ'ব বুলি প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us