/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5777c879-24b6-49d2-8515-321eba117499/newsclick_10.jpg)
চীনৰ পুঁজিৰে সংবাদ সংস্থা পৰিচালিতৰ অভিযোগঃ সাংবাদিকৰ বাসগৃহকে ধৰি প্ৰায় ১০০ স্থানত আৰক্ষীৰ তালাচী...
ডিজিটেল ডেস্কঃ চীনৰ পৰা অনুমোদিত পুঁজিৰে নিউজ নেটৱৰ্ক 'নিউজক্লিক' পৰিচালিত হোৱাৰ উত্থাপিত অভিযোগৰ মাজতে সংবাদ সংস্থাটোৰে জড়িত সাংবাদিক, সংবাদকৰ্মী আৰু অন্যান্যৰ সৈতে মুঠ ১০০ গৰাকী লোকৰ গৃহত আজি দিল্লী আৰক্ষীয়ে অভিযান চলায়। ইয়াৰোপৰি এই বিষয়টোৰে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা আন বহু লোকক আৰক্ষীয়ে সোধা-পোছা চলাইছে।
দিল্লী আৰক্ষীয়ে গঠন কৰা এক বিশেষ কোষৰ দ্বাৰা একে সময়তে বহু স্থানত অভিযান চলাই নিউজক্লিকৰ সাংবাদিক আৰু ইয়াৰ সৈতে জড়িত অন্যান্য লোকৰ পৰা বহু কেইটা লেপটপ, মোবাইল আদি ইলেক্ট্ৰনিক ডিভাইছ জব্দ কৰিছে।
চীনৰ পৰা লাভ কৰা সাহায্যৰে নিউজক্লিক পৰিচালিত হোৱাৰ অভিযোগ উত্থাপনৰ পাছতে দিল্লী আৰক্ষীয়ে ইউ এ পি এৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ এক গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ আধাৰতে ২ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এক বৈঠক অনুষ্ঠিত হয়। তাৰ পাছতে ৩ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা এই অভিযান আৰম্ভ হয়।
দিল্লী, নয়ডা, গাজিয়াবাদ, গুৰুগ্ৰাম, মুম্বাইৰ প্ৰায় ১০০ টা স্থানত চলা এই অভিযানৰ বাবে পূৰ্বেই এখন তালিকা প্ৰস্তুত কৰি উলিওৱা হৈছিল। এই তালিকাৰ আধাৰতে অভিযান চলাই বহু সামগ্ৰী জব্দ কৰাৰ লগতে একাংশ লোকক আটক কৰে। উল্লেখ্য, এই অভিযানত দিল্লী আৰক্ষীৰ বিষয়া, জোৱানকে ধৰি প্ৰায় ৫০০ লোক জড়িত হৈ আছে।
স্মৰ্তব্য যে, যোৱা আগষ্ট মাহতেই নিউজক্লিকৰ বিৰুদ্ধে চীনা প্ৰপাগণ্ডা প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছিল। এই নিউজ নেটৱৰ্কটোৰ অন্যতম মালিক নেভিল ৰয় সিংঘম। আমেৰিকাৰ নাগৰিক এই নেভিল ৰয় সিংঘমে চীনৰ হৈ কাম কৰি থকাৰ অভিযোগেৰে অভিযুক্ত। নিউয়ৰ্ক টাইমছৰ এক অনুসন্ধানমূলক বাতৰিত এই বিষয়ে প্ৰচাৰ হৈছিল। অৱশ্যে ২০২১ ৰ পৰাই এই নিউজ নেটৱৰ্কটোৰ পুঁজিৰ ওপৰত অনুসন্ধান চলাই থকা হৈছিল।
Also Read: মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা...