/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e7e8611d-eb85-4a90-bef6-c7711a054daf/drugs.jpg)
ডিজিটেল সংবাদ, নগাঁও : নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে চি আৰ পি এফৰ জোৱানো । নগাঁৱত হেৰ'ইন সৰবৰাহৰ অভিযোগত আটক হ'ল চি আৰ পি এফৰ জোৱানসহ চাৰিজনকৈ ব্যক্তি । আটকাধীন লোক কেইজন হৈছে ক্ৰমে চি আৰ পি এফৰ নগাঁও কাতিমাৰীস্থিত ৩৪ নং বেটেলিয়নৰ জোৱান খড়গপূৰৰ সুব্ৰত ভট্ট,কচুৱাৰ ছফিকুল ৰহমান আৰু ফকৰুদ্দিন,ধিঙৰ ফুৰকান আলি ।
এই চাৰিওজনকে নগাঁও আৰক্ষীৰ এটি বিশেষ দলে জিলাখনৰ প্ৰমিলা জাৰণিৰ ছহিদুৰ নামৰ এজন লোকৰ ভাড়াঘৰত অভিযান চলাই কৰায়ত্ত কৰাৰ লগতে ১৮.১৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইনো জব্দ কৰাৰ লগতে এ এছ ০২ এ এইছ ৪৮১৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে ।
Also Read: আৰম্ভ হল চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথম অধিৱেশন