আৰম্ভ হল চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথম অধিৱেশন

author-image
Asomiya Pratidin
New Update
আৰম্ভ হল চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথম অধিৱেশন

ডিজিটেল সংবাদ, বেকাজানঃ চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ ৯ দিনীয়া বাজেট অধিৱেশনৰ প্ৰথম অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিতে । প্ৰ’-টেম অধ্যক্ষ মহাথুং য়ানথানে নৱনিৰ্বাচিত সদস্যসকলক শপত গ্ৰহণ কৰায়। ইয়াৰ পিছত দুপৰীয়া নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ’ব।

Advertisment

আনহাতে মঙলবাৰে সদনত প্ৰথম ৰাজ্যপাল লা গনেশনে ভাষণ দিব। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজ্যপালৰ ভাষণত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। বিত্তমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ২৭ মাৰ্চত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰিব। অধিবেশনত প্রায় দুটা দশকৰ পাছত নগৰ সমিতি আৰু পৌৰসভা নির্বাচন অনুষ্ঠিত কৰাৰ সন্দর্ভত বিধানসভাই আলোচনা কৰা সম্ভাৱনা আছে ৷

উল্লেখযোগ্য যে বৰ্তমানৰ সদনতো ৰাজ্যৰ ইতিহাসত সৰ্বাধিক ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে। জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ ৭ জন বিধায়ক, নেচনেল পিপলছ পাৰ্টিৰ ৫ জন বিধায়ক, নগা পিপলছ ফ্ৰণ্ট (এন পি এফ), লোক জন শক্তি (ৰামবিলাছ) আৰু ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আথাৱালে)ৰ দুজনকৈ বিধায়ক থকাৰ বিপৰীতে জে ডি (ইউ)ৰ এজন সদস্য আৰু চাৰিজন নিৰ্দলীয় বিধায়ক।

ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে বিধায়ক এইচ টোভিহোটো আয়েমিক চতুৰ্দশ নাগালেণ্ড বিধানসভাত বিজেপিৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিছে।

nagaland