আকৌ প্ৰাণ পালে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰ : এ জে ৱাই চি পি একাদশ আৰু মিডিয়া একাদশৰ মাজত ৰোমাঞ্চকৰ ক্ৰিকেট মেচ...

আকৌ প্ৰাণ পালে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰ : এ জে ৱাই চি পি একাদশ আৰু মিডিয়া একাদশৰ মাজত ৰোমাঞ্চকৰ ক্ৰিকেট মেচ...

ডিজিটেল সংবাদ,নগাঁও : আকৌ প্ৰান পাই উঠিছে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰে ৷ নগাঁও জিলাৰ ভিতৰতে অগ্ৰণী খেলপথাৰ উৰিয়াগাঁও খেলপথাৰৰ ভূমি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰিছিল যদিও স্থানীয় বৃহত্তৰ লোকে খেলপথাৰখন পুনৰ উদ্ধাৰ কৰি ক্ৰীড়াৰ পৰিবেশ এটি গঢ়ি তুলিছে ৷

যাৰ বাবে উৰিয়াগাঁৱৰ ক্ৰীড়াৰ বাতাবৰণ পূৰ্বতকৈ আৰু উজ্জিবিত ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে ৷ উৰিয়াগাঁও জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ যৌথ সহযোগত পুনৰবাৰ উৰিয়াগাঁৱৰ খেলপথাৰখনে প্ৰান পাই উঠিছে ৷

দেওবাৰৰ পৰা উৰিয়াগাঁও খেলপথাৰত আৰম্ভ হৈছে এখনি প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা ৷ পুৱা পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পন কাৰ্যসূচী আৰম্ভ হয় ৷ ইয়াৰ পিছতে প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷

অনুষ্ঠানত নগাঁও ক্ৰীড়া সংন্থাৰ সাধাৰণ সম্পাদক প্লাবন বৰুৱা ,ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , নাৰায়ন বনিয়া , প্ৰভাত বৰা , দীপমণি বড়া , দিগন্ত দাস , পীতাম্বৰ শইকীয়া , কমলেশ্বৰ শইকীয়া , ডিম্বেশ্বৰ বৰা , প্ৰাগজ্যোতিষ বনিয়া আদি উপস্হিত থাকে ৷ উদ্বোধনী খেলখনত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদব শইকীয়া , নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক অসীম ভৱালৰ লগতে নগাঁৱৰ সদৰৰ সাংবাদিকসকল উপস্থিত থাকে ৷ প্ৰতিযোগিতাখনত নগাঁও সদৰৰ সাংবাদিকে ভাগ লয় ৷

কলংপৰীয়া য়ুথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনি উদ্বোধন কৰে ক্ৰীড়া সংগঠক প্লাবন বৰুৱাই ৷ বৰুৱাই উৰিয়াগাঁও খেলপথাৰ পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাক শলাগ লয় ৷ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উৰিয়াগাঁৱৰ গৌৰবউজ্জল ইতিহাসৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই উৰিয়াগাঁৱৰ খেলপথাৰত পুনৰ ক্ৰীড়াৰ পৰিবেশ গঢ়ি উঠাত আনন্দ প্ৰকাশ কৰে ৷

লগতে খেল পথাৰখনিত ক্ৰীড়াৰ পৰিবেশ এটি গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদ্দিচ্ছা প্ৰকাশ কৰাৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰী নিৰ্দেশত লোৱা যাবতীয় পদক্ষেপৰ বাবে সাংবাদিক মহন্তই ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাই উৰিয়াগাঁৱৰ ঐতিহ্য ৰক্ষাৰ বাবে পৰিস্থিতি বুজ লোৱাৰ বাবে শলাগ লয় ৷

উদ্বোধনী খেলখনি এ জে ৱাই চি পি একাদশ আৰু মিডিয়া একাদশৰ মাজত আৰম্ভ হয় ৷ টচত মিডিয়া একাদশে বেটিঙ কৰে ৷ খেলৰ আৰম্ভনিতে প্ৰতীকি ৰূপত বেটিঙ কৰে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই ৷ পাতনিতে বেটিং কৰি খেলখনি আৰম্ভনি কৰা বেটছমেন সাংবাদিক প্ৰকাশ মহন্তৰ বিপৰিতে বলিঙ কৰে জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক দীপমণি বড়াই ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in