নগাবন্ধাত সদৌ অসম ভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

নগাবন্ধাত সদৌ অসম ভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বেবেজীয়া: মৰিগাঁও জিলাৰ নগাবন্ধা যুৱ মঞ্চৰ উদ্যোগত নগাবন্ধা মাধ্যমিক বিদ্যালয় খেলপথাৰত দেওবাৰৰ পৰা সদৌ অসম ভিত্তিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হয়৷ সীমিত অভাৰৰ এই প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলত দলবাৰী যুৱ কল্যাণ সংঘই ভূৰবন্ধা আঞ্চলিক ক্ৰিকেট ক্লাবক ৯উইকেটত পৰাজিত কৰে৷

খেলখনত ভূৰবন্ধা আঞ্চলিক ক্ৰিকেট ক্লাবে টছত জিকি পোনতে বেট ধৰি ১২অভাৰত সাতটা উইকেট হেৰুৱাই ১২২ৰাণ সংগ্ৰহ কৰে৷ প্ৰত্যুত্তৰত দলবাৰী যুৱ কল্যাণ সংঘ দলটোৱে ১০.২অভাৰত এটা উইকেটৰ বিনিময়তে ১২৫ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে৷

মুঠ-৩২টা দলৰ মাজত আয়োজিত এই প্ৰতিযোগিতা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী নুৰুল হুদা আৰু চাইদুৰ ৰহমানে৷ শুভাৰম্ভণি অনুষ্ঠানত সমাজ সংগঠক হবিবুৰ ৰহমান ছিদ্দীকি, ৰিয়াজ উদ্দিন খান, হামিদুৰ ৰহমান ছিদ্দীকি, মাৰফৎ মণ্ডল, নেকিবুৰ ৰহমান ছিদ্দিকী, দৌলত আলি খান আদি উপস্থিত থাকে৷

নগাবন্ধাত সদৌ অসম ভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
মাহযোৰা কাৰ্যসূচীৰে দুধনৈত 'আপ'ৰ 'গাঁওলৈ যাত্রা' কাৰ্যসূচীৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in