মাহযোৰা কাৰ্যসূচীৰে দুধনৈত 'আপ'ৰ 'গাঁওলৈ যাত্রা' কাৰ্যসূচীৰ শুভাৰম্ভ

মাহযোৰা কাৰ্যসূচীৰে দুধনৈত 'আপ'ৰ 'গাঁওলৈ যাত্রা' কাৰ্যসূচীৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
মাহযোৰা কাৰ্যসূচীৰে দুধনৈত 'আপ'ৰ 'গাঁওলৈ যাত্রা' কাৰ্যসূচীৰ শুভাৰম্ভ

ডিজিটেল ডেস্কঃ 'সৱল গাঁও, উন্নত অসম' শ্লোগানেৰে আম আদমি পার্টীয়ে এমাহ যোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা 'গাওঁ যাত্রা' কাৰ্যসূচীৰ দেওবাৰে দুধনৈ সমষ্টিত শুভাৰম্ভ কৰা হয়। ধূপধৰাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত আপ, অসমৰ সভাপতি ভবেন চৌধুৰীৰ উপস্থিতত শতাধিক কর্মকর্তাই অঞ্চলটোৰ কেইবাখনো গাওঁৰ বাইজৰ অভাৱ- অভিযোগৰ বুজ লোৱাৰ লগতে বৰ্তমানৰ চৰকাৰখনৰ জন-বিৰোধী নীতিসমূহৰ বিষয়েও জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰে।

Advertisment

দলটোৱে ৰংজুলি পঞ্চায়তৰ অন্তর্গত বাক্ৰাপাৰা গাওঁত ৰাইজৰ সৈতে মত বিনিয়োগ কৰি অঞ্চলটোৰ বাইজে দীর্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ বুজ লয়। ইয়াৰ পিছতে অনুষ্ঠিত দুধনৈ সমষ্টিটোৰ গৰাইমাৰি গাওঁ পঞ্চায়তত এখন ৰাজহুৱা সভাত সহস্রাধিক লোকক উদ্দেশি ভাষণ প্রদান কৰে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। তেওঁ লগতে দলৰ 'গাওঁ যাত্রা' ৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে ৰাইজৰ আগত বর্ণনা কৰি সকলোকে ঐক্যবদ্ধ অসমৰ চেতনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

তাৰোপৰি অনাগত দিনত ৰাজ্যৰ গাওঁসমূহ ভ্রমণ কৰি অঞ্চলবোৰৰ ৰাইজৰ সৈতে কথা পাতি মানুহৰ সমস্যা আৰু মনৰ বতৰা লোৱাৰ লগতে 'আপ' চৰকাৰে দিল্লী আৰু পাঞ্জাৱত কৰা উন্নয়ন কামসমূহ জনসাধাৰণক অৱগত কৰাটো দলটোৰ আন এক উদ্দেশ্য বুলি উল্লেখ কৰে।

অসমৰ প্ৰতিখন গাঁওৰ প্রতিটো চুবুৰীলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰ আৰম্ভ কৰা দেওবাৰৰ এই কাৰ্যসূচীত দলটোৰ উপ-সভাপতি জিতুল ডেকা, সম্পাদক ভিক্টৰ গগৈ, তত্ত্বাবধায়ক দীপাংকৰ কলিতা, মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা, মুখপাত্র অনুৰূপা ডেকাৰাজাকে ধৰি কেইবাজনো ৰাজ্যিক সদস্য আৰু গোৱালাপাৰা জিলাৰ বহু বিষয়ববীয়া, কর্মকর্তা উপস্থিত থাকে।

Also Read: বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

aap assam