ভোগবাৰী সত্ৰত ইতিহাস থিয়েটাৰ আৰু হেঙুল থিয়েটাৰৰ কলা-কুশলীৰ মাজত প্ৰীতি ক্ৰিকেট খেল

ভোগবাৰী সত্ৰত ইতিহাস থিয়েটাৰ আৰু হেঙুল থিয়েটাৰৰ কলা-কুশলীৰ মাজত প্ৰীতি ক্ৰিকেট খেল

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভোগবাৰী সত্ৰৰ খেলপথাৰত সোমবাৰে ইতিহাস থিয়েটাৰ আৰু হেঙুল থিয়েটাৰৰ কলাকুশলী সকলৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। অসমীয়া সমাজ জীৱনৰ পবিত্ৰ তথা ভোগৰ মাঘ মাহ উপলক্ষে সকলোৰে মাজত ভাতৃত্ববোধ জগাই তোলাৰ লক্ষ্যৰে ভোগবাৰী সত্ৰত আজি অনুষ্ঠিত প্ৰীতি খেল খনৰ শুভাৰম্ভ কৰি জনপ্ৰিয় অভিনেতা মহেশ বৰাই উপস্থিত ৰাইজক ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

পাৰ্থ প্ৰতিম বৰা আৰু অনুপ কুমাৰ বৰাই পৰিচালনা(আম্পায়াৰ) কৰা প্ৰীতি খেল খনত হেঙুল থিয়েটাৰৰ কলাকুশলী দলে ১৭০ ৰান কৰাৰ বিপৰীতে ইতিহাস থিয়েটাৰৰ কলাকুশলী দলে ১০৫ ৰাণতে সকলো উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। হেঙুল থিয়েটাৰ দলৰ গৌতম ৰাজে ৬ টা উইকেট দখল কৰাৰ লগতে কেপ্টেইন ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকনে সৰ্বাধিক ৬৫ ৰান কৰে।

অঞ্চলটোৰ পাঁচ শতাধিক দৰ্শক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত খেলখনৰ হেঙুল থিয়েটাৰৰ কলাকুশলী দলৰ কেপ্টেইন ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন আৰু ইতিহাস থিয়েটাৰৰ কলাকুশলী দলৰ কেপ্টেইন আছিল ভবেশ দাস। প্ৰীতি খেল খনৰ অন্তত সকলোৱে আনন্দ মনেৰে প্ৰীতিভোজ গ্ৰহন কৰে।

ভোগবাৰী সত্ৰত ইতিহাস থিয়েটাৰ আৰু হেঙুল থিয়েটাৰৰ কলা-কুশলীৰ মাজত প্ৰীতি ক্ৰিকেট খেল
নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in