নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ

নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ বৰপেটাৰ বাঘবৰৰ মৌৰীগাঁৱত শোকাৱহ ঘটনা । বস্তাৰ ভিতৰত উদ্ধাৰ ছয় বছৰীয়া শিশুৰ মৃতদেহ ৷ মৃত শিশুটো ইব্ৰাহিম আলীৰ কন্যা বুলি জানিব পৰা গৈছে ৷

মৌৰীগাঁৱৰ তাৰিফ উদ্দিন ওৰফে টিপু নামৰ লোকজনৰ ঘৰৰ চোতালত উদ্ধাৰ হয় মৃতদেহটো । বিগত পাঁচদিন ধৰি নিৰুদ্দেশ হৈ আছিল ছয় বছৰীয়া শিশুটো । কিন্তু সোমবাৰে তাৰিফ উদ্দিন ওৰফে টিপুৰ ঘৰৰ চোতালত বস্তাৰ ভিতৰত উদ্ধাৰ হয় কণমানিটোৰ মৃতদেহ ।

কণমানিটোৰ মূৰ আৰু হাতত আঘাতৰ চিন থকা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাস্থলীত বৰপেটা জিলাৰ উচ্ছপদস্থ আৰক্ষী বিষয়াসহ দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

লগতে শিশুটিক মৰণোত্তৰ পৰীক্ষা বাবে আৰক্ষীয়ে বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰে।ঘটনা সংঘটিত হোৱাৰ পিছতে তাৰিফ উদ্দিন ওৰফে টিপুসহ পৰিয়ালৰ সদস্যক আৰক্ষীয়ে আটক কৰিছে । ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ
কাজিৰঙাত অঘটনঃ হেণ্ডকাফসহ লুইতত জাপ দি পলায়ন দুধৰ্ষ চিকাৰীৰ, দুই আৰক্ষীয়েও জপিয়ালে ব্ৰহ্মপুত্ৰত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in