পত্নী আঞ্চলিক সদস্য, স্বামীয়ে কৰে ঠিকাঃ সৰ্বসাধাৰণক আভুৱা-ভাৰি লুটি-পুতি খাইছে আঁচনিৰ ধন...

পত্নী আঞ্চলিক সদস্য, স্বামীয়ে কৰে ঠিকাঃ সৰ্বসাধাৰণক আভুৱা-ভাৰি লুটি-পুতি খাইছে আঁচনিৰ ধন...
পত্নী আঞ্চলিক সদস্য, স্বামীয়ে কৰে ঠিকাঃ সৰ্বসাধাৰণক আভুৱা-ভাৰি লুটি-পুতি খাইছে আঁচনিৰ ধন...

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যত এতিয়া কেনেদৰে চলিছে মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থা ? বহুতৰে বাবে সোণৰ কণী পাৰা হাঁহ হৈ পৰিছে কেতবোৰ আঁচনি। সৰ্বসাধাৰণক আভুৱা-ভাৰি লুটি-পুতি খাইছে আঁচনিৰ ধন ।

নগাঁৱৰ ডাকৰঘাট পঞ্চায়ত যেন এইক্ষেত্ৰত সকলোতকৈ আগত । নগাঁৱৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ ডাকৰঘাট পঞ্চায়তৰ আঞ্চলিক সদস্যা নমিতা ভূঞা আৰু স্বামী ত্ৰৈলোক্য ভূঞাই মধুপুৰ শ্মশানৰ কাষৰ পতিত মাটি উন্নয়নৰ নামত গো-গ্ৰাসে গিলিছে আঁচনিৰ সিংহভাগ ধন ।

মাটিৰ পৰিৱৰ্তে নিশা ট্ৰেক্টৰৰে জাবৰ-জোঁথৰ আৰু পলিথিন পেলাই আত্মসাৎ কৰিব বিচাৰিছে লাখ লাখ টকা । প্ৰায় ৫০ লক্ষ্য টকাৰ এই আঁচনিখনৰ বিয়াগোম দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল ৷

অভিযোগ মতে আঞ্চলিক সদস্যা নমিতা ভূঞা ক'টাক লাইফৰ প্ৰতিনিধি । সেয়ে স্বামীয়েই লাভ কৰে আঁচনিৰ ঠিকা আৰু নিশাৰ অন্ধকাৰত মেলে দুৰ্নীতিৰ বেহা । পত্নী ক’টাক লাইফত কাম কৰাৰ বাবে স্বামীয়েই পঞ্চায়তৰ কাম বন চাব লাগে ৷

সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিছে স্বামী ভূঞাই ৷ একেদৰে মাটিৰ পৰিৱৰ্তে জাবৰ-জোঁথৰ পেলোৱাৰ কথাও স্বীকাৰ কৰিলে স্বামী তথা ঠিকাদাৰ ত্ৰৈলোক্য ভূঞাই ।

ইপিনে,এই দুৰ্নীতিৰ তথ্য সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতেই এতিয়া সাময়িকভাৱে আঁচনিখনৰ কাম বন্ধ ৰাখিছে পাখিমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে ।সমগ্ৰ ঘটনাৰ তদন্ত চলাইছে কাৰ্যালয়টোয়ে ৷

এনেদৰেই চৰকাৰী ধন সিংহভাগ উদৰস্হ কৰি নামমাত্ৰ উন্নয়নৰে ৰাইজক ৰামঠগন দি অবাধ দুৰ্নীতিৰে ধন-সম্পত্তিৰ পাহাৰ গঢ়িছে একাংশ পঞ্চায়তৰ প্ৰতিনিধিয়ে । প্ৰশ্ন হয়, কাৰ আশীষধন্য হৈ পঞ্চায়তৰ প্ৰতিনিধিসকলে চলাই গৈছে এনে লুণ্ঠনৰাজ ? ডাকৰঘাট পঞ্চায়তৰ বিয়াগোম দুৰ্নীতিৰ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি কোনে দিব ৷

পত্নী আঞ্চলিক সদস্য, স্বামীয়ে কৰে ঠিকাঃ সৰ্বসাধাৰণক আভুৱা-ভাৰি লুটি-পুতি খাইছে আঁচনিৰ ধন...
মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ এন পি পিক তীব্ৰ সমালোচনা সোণোৱালৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in