/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a52c89a2-d404-44c7-b734-8c4ce340a2e9/dhing_25.jpg)
ধিং মহাবিদ্যালয়ত সংবিধান দিৱস উদযাপন...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সংবিধান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাই সংবিধান নিৰ্মাণৰ ক্ষেত্ৰত ঐতিহাসিক পটভূমিৰ চমু বিৱৰণ দিয়ে।
মহাবিদ্যালৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই আৰম্ভণি ভাষণ প্ৰদান কৰি দিনটোৰ তাৎপৰ্য সন্দৰ্ভত দীঘলীয়া ভাষণ দিয়ে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ অধ্যাপক আব্দুল কাদিৰেও সংবিধান আৰু সংবিধান নিৰ্মাণৰ ধাৰণা সম্পৰ্কে তেওঁৰ মতামত ব্যক্ত কৰে।
ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ড০ মফিদুল ইছলাম, সহযোগী অধ্যাপক ড০ লখিনন্দ বৰদলৈ আৰু কংকানা শৰ্মাকে আদি কৰি কেইবাগৰাকী অধ্যাপক-অধ্যাপিকাৰ সক্ৰিয় সহযোগত অনুষ্ঠানটিৰ সফল সামৰণি পৰে।
Also Read: পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...