ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট...

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছ দলে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ, নগাঁও : কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছ দলে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। শুকুৰবাৰে নগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত নগাঁৱত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও চহৰৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপত যুৱ কংগ্ৰেছৰ নেতা কৰ্মী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। ৰাহুল গান্ধী জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ,নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হায় হায়, গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক, স্বৈৰাচাৰী শাসন বন্ধ কৰক, যুৱ কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলি আহমেদৰ লগতে শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আজিজ আহমেদ শ্বাহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, "মোদী আৰু তেওঁৰ চৰকাৰে চলে বলে কৌশলেৰে বিৰোধীৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। আমি ইয়াৰ বিৰুদ্ধে শক্তিশালী যুজঁ দিব লাগিব।"

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত যুৱ কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট...
মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত অনুষ্ঠিত এন এ পি এমৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষক মুক্তি সংগ্ৰাম সমিতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in