মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত অনুষ্ঠিত এন এ পি এমৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষক মুক্তি সংগ্ৰাম সমিতি...

ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত নদীবান্ধ নিৰ্মাণক লৈ মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত কৃষক মুক্তিৰ মত বিনিময়...
মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত অনুষ্ঠিত এন এ পি এমৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষক মুক্তি সংগ্ৰাম সমিতি...

ডিজিটেল ডেস্ক: শুকুৰবাৰে মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজনীয়া সঁজাতি দল। দলটোত আছে ক্ৰমে সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক মহিধৰ ৰায় আৰু মুখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা। দলটিয়ে উক্ত স্থানত উপস্থিত হৈ নেচনেল এলায়েন্স পিপ'লত মুভমেন্টৰ দ্বাৰা আয়োজিত এখনি সংবাদমেলত অংশগ্ৰহণ কৰে।

সংবাদমেলত সভাপতি ৰাজু বৰাই অংশগ্ৰহণ কৰি অসমৰ নদীবান্ধ সমস্যাৰ ওপৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অৱগত কৰে। চীনে ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা নদীবান্ধে অসমত সৃষ্টি কৰিব পৰা সমস্যাৰ কথা অৱগত কৰে সভাপতি গৰাকীয়ে। উল্লেখ্য যে, উক্ত সংবাদমেলৰ আঁত ধৰিছিল নৰ্মদা বচাওঁ আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰে।

তদুপৰি সংবাদমেলত কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে "বন অধিকাৰ অধিনিয়ম, ২০০৬" আইন বৰ্তমানেও ফলপ্ৰসু হোৱা নাই বুলি দাবী কৰে। লগতে অহা ইংৰাজী ১ আৰু ২ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় সন্মিলনত বহু কেইটা দাবী উত্থাপন কৰাৰ কথাও অৱগত কৰে।

মধ্যপ্ৰদেশৰ নৰ্মদা পুৰমত অনুষ্ঠিত এন এ পি এমৰ ৰাষ্ট্ৰীয় সন্মিলনত কৃষক মুক্তি সংগ্ৰাম সমিতি...
আহি আছে প্ৰতীক হাজেলাঃ এন আৰ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in