আমিনুল ইছলামৰ হৰ্ডিং ফালিলে কংগ্ৰেছে ! অভিযোগ দাখিল...

এ আই ইউ ডি এফে সাব্যস্ত কৰিলে প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
আমিনুল ইছলামৰ হৰ্ডিং ফালিলে কংগ্ৰেছে ! অভিযোগ দাখিল...

আমিনুল ইছলামৰ হৰ্ডিং ফালিলে কংগ্ৰেছে ! অভিযোগ দাখিল...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ অধিসূচনা এতিয়াও ঘোষণা হোৱা নাই যদিও ৰাজ্যত ইতিমধ্যে বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বতাহ। প্ৰায়বোৰ ৰাজনৈতিক দলেই ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিলে। সমান্তৰালকৈ আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

Advertisment

এনে প্ৰচাৰ অভিযানৰ অংশ হিচাপেই একাংশ প্ৰাৰ্থীয়ে বিভিন্ন স্থানত লগাইছে তেওঁলোকৰ হৰ্ডিং। নগাঁৱৰ ৰূপহীহাটতো এ আই ইউ ডি এফৰ বিধায়ক তথা নগাওঁ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলামৰ কেইবাখনো হৰ্ডিং লগোৱা হৈছে।

কিন্তু অভিযোগ উত্থাপন হৈছে একাংশ দুষ্ট চক্ৰই তেওঁৰ এই হৰ্ডিং ফালি পেলাইছে। ইয়াকে লৈ ৰূপহীহাটত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী উত্তেজনা। অভিযোগ অনুসৰি এ আই ইউ ডি এফে তেওঁলোকৰ প্ৰাৰ্থী আমিনুল ইছলামৰ ফটো সম্বলিত হৰ্ডিং লগোৱাৰ পাছত কংগ্ৰেছ কৰ্মীয়ে ফালি পেলাইছে।

ইয়াকে লৈ চেপা উত্তেজনা বিৰাজ কৰাৰ সময়তে সেই স্থানত উপস্থিত হয়গৈ আমিনুল ইছলাম। ইয়াৰ পিছতে তেওঁ আৰক্ষী থানাত দাখিল কৰিলে গোচৰ। সমান্তৰালকৈ এ আই ইউ ডি এফৰ একাংশ কৰ্মীয়ে কংগ্ৰেছৰ বিৰুদ্ধে ধৰ্ণাও দিয়ে।

উল্লেখ্য যে, চৰ্চা অনুসৰিয়েই আজি এ আই ইউ ডি এফে ঘোষণা কৰা ৩ জনীয়া প্ৰাৰ্থী তালিকাত আমিনুল ইছলামক নগাওঁ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰক্ষেপ কৰা হৈছে। ইয়াৰ উপৰিও ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমল আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত ছাহাবুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

Also Read: পদ্ম হাজৰিকাক লগত লৈ ৰঞ্জিত দত্তৰ আজি চাৰিখনকৈ নিৰ্বাচনী সভা...

এ আই ইউ ডি এফ ৰূপহীহাট