শালমৰা উঃ মাঃ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধণা

শালমৰা উঃ মাঃ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধণা

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁৱৰ শালমৰা উঃ মাঃ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধণা। মঙলবাৰে সোণালী জয়ন্তী গৰকা শিক্ষানুষ্ঠানখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে কৃতকাৰ্যতা লাভ কৰা কৃতিমানসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধণা জনোৱা হয়।

শালমৰা উঃ মাঃ বিদ্যালয়ৰ অভিনন্দন অনুষ্ঠানটিত সভাপতিত্ব কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। বিদ্যালয়ৰ শিক্ষক সুজিত বৰদলৈ আৰু ছাত্র নেতা পংকজ দাসে আঁত ধৰা সভাখনিত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে,"পৰীক্ষা হৈছে জ্ঞানৰ মূল্যায়ন । ছাত্র- ছাত্ৰী সকলে জ্ঞানৰ পোহৰৰে আলোকিত হৈ সমাজ গঢ়ি তুলিব লাগিব।"

সভাত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্য বাঁহী সদস্য বকুল দেউৰী ইয়ে কয় যে, "মানুহে ভাগ্যক ধীয়াই থাকিলে নহ'ব। একাগ্ৰতা আৰু অধ্যবসাই যোগেদিহে সফলতা লাভ কৰিব পাৰে ।"

সভাখনি সুন্দৰভাৱে পৰিচালনা কৰি সভাপতিৰ ভাষণত বিধায়ক শশীকান্ত দাসে কয় যে ,সৰ্ব ভাৰতীয় UPSC পৰীক্ষাত শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে নিজৰ নাম উজ্বলাই তুলিবলৈ আহ্বান জনায় । বিধায়ক দাসে বিদ্যালয়খনৰ শৈক্ষিক ন্যাস পুঁজিলৈ ১লাখ টকা আগবঢ়ায় ।

উল্লেখযোগ্য যে,সভাতে বিদ্যালয়ৰ কৃতি ছাত্ৰ মঞ্জিল দাস আৰু দীপশিক্ষা বড়ো, শিল্পী শিক্ষা বৰাক ধৰ্মানন্দ গোস্বামী বঁটা আৰু মঞ্জিল দাস আৰু বৰ্ণিল ডেকাক স্মৃতি ৰেখা মেধি শৈক্ষিক বঁটা প্ৰদান কৰা হয় । উক্ত বঁটাত সম্বৰ্ধণা পত্ৰ, ফুলৰ থোপা, নগদ ধন আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয় ।

ইফালে এইবাৰ বিদ্যালয়খনে গুণোৎসোৱত 'A' গ্ৰেড আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ হোৱা বাবে বিদ্যালয়ৰ শিক্ষকমণ্ডলীকো আজিৰ সভাতে উষ্ম সম্বৰ্ধণা জ্ঞাপন কৰা হয়।

সভাত প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ইৰা লতা মেধি , প্ৰাক্তন শিক্ষয়িত্ৰী জিনো দাস ৰাজখোৱা , ললিত ডেকা, ৰূপন হাজৰিকা,পূৰ্ণ কান্ত নাথ,প্ৰফুল্ল বৰা,মনোহৰ দাস, শালমৰা গাওঁ পঞ্চায়ত সভনেত্ৰী ববিতা মেধি,নগাওঁ জিলা আছুৰ উপ সভাপতি তুলেণ্ড পাটৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

শালমৰা উঃ মাঃ বিদ্যালয়ৰ শিক্ষাগুৰু আৰু কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন ও সম্বৰ্ধণা
কুৰুৱাবাহীত উদীয়মান কাৰু শিল্পীৰ সলিল সমাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in