/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d861e922-e1c3-4b55-8f33-6945f91e06f5/321.jpg)
ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ চলিত বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ শুকুৰবাৰে সামৰণি পৰে। এই উপলক্ষে আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা।
মায়ং আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সমাজ কৰ্মী প্ৰফুল্ল ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই। বঁটা প্ৰদান আৰু মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয় সপ্তাহৰ ক্ৰীড়া বিভাগৰ তত্বাৱধায়ক তথা ৰাজনীতি বিভাগৰ অধ্যাপক ৰফিকুল ইছলামে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/42f52a87-d90d-401d-ae10-4bd16b08327c/e59d4a16_15b0_4eb9_80c1_2190494796b0.jpg)
সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক তথা অসমীয়া বিভাগৰ অধ্যাপক ড০ বৃষ্টি কলিতাই সভাৰ আঁত ধৰে। মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৭খন গ্ৰন্থ উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/13f98814-d4e9-4ba0-ba66-3c5cf5545a62/9f110767_88d5_4069_845e_c0468b6617d1.jpg)
গ্ৰন্থকেইখন ক্ৰমে- অধ্যাপক ড০ গুনেশ্বৰ ডেকাৰ "MAYONGIIAN" ড০ উৎপল নাথৰ TRADITIONAL MEDICINAL SYSTEM IN MAYONG,ASSAM, অধ্যাপক ড০ মিনাক্ষী তামুলীৰ FOLK CULTURE OF TIWA TRIBE IN MORIGAON DISTRICT OF MAYONG,অধ্যাপক ড০ বৃষ্টি কলিতাৰ "সাহিত্য সমীক্ষণ", মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "প্ৰগতি" আৰু "বুনিয়াদী অৰ্থনৈতিক তত্ত্ব" নামৰ গ্ৰন্থ কেইখন উন্মোচন কৰে মঞ্চৰ অতিথি তথা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণিভূষণ নাথ, সভাপতি ৰবিধৰ নাথ,লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা আৰু অধ্যক্ষ ড০ মহানন্দ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/37bfe5a2-ae1a-4b47-afc8-9e52f5b873d4/8204ced4_d581_4c45_a3b9_1a2bcf6b4f6d.jpg)
উক্ত সভাতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাৰ নেতৃত্বত অধ্যাপক ড০ উৎপল নাথ আৰু কাৰ্যালয় সহায়ক মনজিত ডেকাৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত যোৱা ২৫ ডিচেম্বৰৰ পৰা কাপোৰ চিলাই কৰা, ৰাজ মিস্ত্ৰী আৰু জাল গুঠা প্ৰশিক্ষণ লোৱা মুঠ ২২৫ গৰাকী প্ৰশিক্ষাৰ্থীক মুকলি সভাত বিতৰণ কৰা হয় প্ৰমাণ পত্ৰসমূহ। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে হৰ্ষিতা উৎপলে।
Also Read: সৰুপথাৰত মিছন বসুন্ধৰাৰ অধীনত দুই সহস্ৰাধিকক ভূমি পট্টা বিতৰণ