চমুৱাগাঁৱৰ তেলডিপোত নিৰ্দ্ধাৰিত পৰিমাণৰ তেল নিদিয়াৰ অভিযোগ গ্ৰাহকৰ

চমুৱাগাঁৱৰ তেলডিপোত নিৰ্দ্ধাৰিত পৰিমাণৰ তেল নিদিয়াৰ অভিযোগ গ্ৰাহকৰ

author-image
Asomiya Pratidin
New Update
চমুৱাগাঁৱৰ তেলডিপোত নিৰ্দ্ধাৰিত পৰিমাণৰ তেল নিদিয়াৰ অভিযোগ গ্ৰাহকৰ

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁওস্থিত ESSAR কোম্পানীৰ তেল ডিপোটোৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ। তেল ডিপোটোৰ পৰা গ্ৰাহকে সঠিক জোখত লাভ নকৰে পেট্ৰ'ল-ডিজেল। ESSAR গ্ৰুপৰ অধীনৰ এই তেল ডিপোটোৰ বিৰুদ্ধে সঘনেই এনে অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বুধবাৰে সন্ধিয়াও জাজৰিৰ এগৰাকী গ্ৰাহকে পোহৰলৈ আনে এনে এক বৃহৎ অনিয়মৰ ঘটনা।

Advertisment

উত্থাপিত অভিযোগ অনুসৰি তেল ডিপোটোৰ পৰা ১৩০০ টকাৰ পেট্ৰ'ল ভৰাই কাৰ্বি আংলং অভিমুখে ৰাওনা হোৱা গ্ৰাহক গৰাকীৰ ডবকা নৌপাওঁতেই বাহনৰ ইন্ধন ৰিৰ্জাভ কেটেগৰীলৈ আহে। সদায় একে পৰিমাণৰ পেট্ৰ'ল ভৰাই অহা-যোৱা কৰা গ্ৰাহকজনৰ এই কথাত সন্দেহ ঘনীভূত হোৱাত এইবাৰ পৰিকল্পিতভাৱে তেওঁ দুজনমান বন্ধুৰ সৈতে তেল ডিপোটোত পুনৰ তেল ভৰাবলৈ আহে । গ্ৰাহকজনে তেওঁৰ বাহনত পিছত আকৌ ৫০০ টকাৰ তেল ভৰাওঁতে ওলাই পৰে জোলোঙাৰ মেকুৰী।

গ্ৰাহক গৰাকীৰ সতীৰ্থৰ কেমেৰাত আবদ্ধ হয় সেই অনিয়মৰ দৃশ্য। গ্ৰাহক গৰাকীক পেট্ৰ'ল দিওঁতে পাম্পৰ মেচিনৰ মিটাৰ শূন্যৰ পৰিবৰ্তে আৰম্ভ হয় দুশৰ ঘৰৰ পৰা। লগে লগে গ্ৰাহক গৰাকীয়ে এই অনিয়মৰ কথা প্ৰতিবাদ কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিপোটোত।

ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকজনে স্থানীয় জাজৰি আৰক্ষীকো এই অনিয়মৰ বিষয়ে অভিযোগ দাখিল কৰে। উল্লেখ্য যে, এই তেল ডিপোটোৰ বিৰুদ্ধে এনে ঘটনা এয়েই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ডিপোটোত পেট্ৰ'ল-ডিজেল ভৰাই বহু কেইজন গ্ৰাহকে প্ৰবঞ্চনাৰ বলি হোৱাৰ অভিযোগো উত্থাপিত হৈছিল।

এইসমূহ দিশ চোৱাচিতা কৰিবলৈ বৈধ পৰিমাণ বিজ্ঞান বিভাগ আছে যদিও নগাঁৱত এই বিভাগটো যেন একেবাৰেই নিৰ্লিপ্ত। বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ একাংশ বিষয়াৰ সৈতে থকা গোপন মিতিৰালিৰ বাবেই এনেদৰে গ্ৰাহক প্ৰবঞ্চনাৰ বলি হৈ আহিছে বুলি দৃঢ়তাৰে ক'ব বিচাৰে ভুক্তভোগী গ্ৰাহকসকলে।

এনেদৰে গ্ৰাহকক আভুৱাভাৰি লুটৰাজ চলাই অহা এই তেল ডিপোটো ছীল কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সচেতন ৰাইজে । আনহাতে সামাজিক মাধ্যমতো বিয়পি পৰিছে এই তেল ডিপোটোৰ এনে অনিয়মৰ কথা ।

Also Read: ঢকুৱাখনা মহাবিদ্যালয়লৈ 'নাক'ৰ "এ" গ্ৰেড

assampolice