/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/df2711d1-8288-4b10-90fd-9beae6a6b162/naac.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত এক স্বাভিমানী স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হল ঢকুৱাখনাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান 'ঢকুৱাখনা মহাবিদ্যাল'য়ে। গুণগত মানৱ সম্পদ সৃষ্টিৰে সৰ্বোন্নত আন্তঃগাঁঠনি বিশিষ্ট এই শিক্ষানুষ্ঠানখনে শিক্ষা, সাহিত্য, লোক কৃষ্টি সংস্কৃতিলৈ আগবঢ়াই অহা মেটমৰা অৱদানৰ সঠিক মূল্যায়ন কৰি নেচনেল এচেছমেণ্ট এণ্ড এক্রিদিয়েচন কাউন্সিলে "এ" গ্ৰেড প্ৰদান কৰিছে ।
বৃহস্পতি বাৰে বিয়লি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগানন্দ সূতলৈ এই শুভ সংবাদ প্ৰেৰণ কৰিছে "নাক" কৰ্তৃপক্ষই। "নাক"(NAAC)কৰ্তৃপক্ষই জনোৱা মতে মহাবিদ্যালয়খনে মুঠ ৭ পইণ্ট মাপৰ বিপৰীতে মুঠ ৩'০৬ পইণ্ট চি জি পি এ অর্জন কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, যোৱা ২২ আৰু ২৩ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে "নাক "ৰ তিনিজনীয়া এটা উচ্চস্তৰীয় দল ক্ৰমে ডঃ কমল কুমাৰ মিশ্ৰ (প্ৰাক্তন উপাচাৰ্য, উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়, অধ্যক্ষ NAAC Peer team), ডঃ সুন্দৰমুৰ্ত্তি পেৰুমল, (প্ৰাধ্যাপক, প্ৰাক্তন মুৰব্বী, আন্নামালাই বিশ্ববিদ্যালয়, সমন্বয়ক, NAAC Peer team), ডঃ লিম্বাগৌড় ছৈয়দগাৰ, (প্ৰাক্তন অধ্যক্ষ, টেলেংগানা বিশ্ববিদ্যালয় , সদস্য, NAAC Peer team) মহাবিদ্যালয়লৈ আহি সকলো দিশ পৰ্যবেক্ষণ কৰি গৈছিল।
প্ৰণিধানযোগ্য যে, মহাবিদ্যালয়খনে ইতিপূৰ্বে ২০০৪ চনৰ "চি ++ " গ্ৰেড আৰু ২০১৬ চনত "বি" গ্ৰেড অর্জন কৰিবলৈ সক্ষম হৈছিল। চলিত বর্ষত "এ" গ্ৰেড আজুৰি আনিবলৈ সক্ষম হোৱা ঢকুৱাখনা মহাবিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল স্বীকৃতিৰ বাবে ঢকুৱাখনা মহকুমাবাসী গৌৰান্বিত।
উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ তৃতীয় চক্ৰৰ একমাত্ৰ " এ" গ্ৰেড প্ৰাপ্ত মহাবিদ্যালয় হৈ বিদ্যায়তনিক ক্ষেত্ৰখনত সমুজ্জল নক্ষত্ৰ হিচাবে জিলিকি ৰোৱা মহাবিদ্যালয়খনৰ এই ইস্পিত স্বীকৃতিত প্ৰাক্তন শিক্ষক কৰ্মচাৰী, প্ৰাক্তন শিক্ষাৰ্থী, মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী গোট, ঢকুৱাখনাবাসী শিক্ষানুৰাগী ৰাইজ সংগঠন, মহাবিদ্যালয় ছাত্ৰ একতা সভা আদি সকলো উল্লাসিত হৈ পৰিছে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে মহাবিদ্যালয়খনৰ এনে স্বাভিমানী স্বীকৃতিত প্ৰতিগৰাকী শিক্ষাসদী, ৰাইজ, সংগঠন আৰু শুভাকাংক্ষীৰ অতুল্য আৰু অমূল্য অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি ভৱিষ্যতৰ দিনত গঠনমূলক পৰামৰ্শ, সাহস প্ৰেৰণা প্ৰদানৰ আন্তৰিকতাৰে কামনা কৰি মহাবিদ্যালয়খনৰে জড়িত প্ৰতি গৰাকী শুভানুধ্যায়ীৰ শলাগ লৈছে ।