নগাঁও কলেজ (অট’নমাচ)ৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ আৰম্ভণি

শোভাযাত্ৰাত প্ৰাণীবিজ্ঞান বিভাগে প্ৰথম স্থান, সমাজতত্ত্ব বিভাগে দ্বিতীয় স্থান আৰু যুটীয়াভাৱে পদাৰ্থ বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগে তৃতীয় স্থান লাভ কৰে
নগাঁও কলেজ (অট’নমাচ)ৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ আৰম্ভণি

ডিজিটেল সংবাদ,নগাঁও : ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট’নমাচ)ৰ (বৰ্তমান নগাঁও বিশ্ববিদ্যালয় লৈ উন্নীত) ৭৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহ ২০২৪ মঙলবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে।

পতাকা উত্তোলন কৰি ড০ মজিন্দাৰে কয় যে, ৭৯সংখ্যক মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহ- ২০২৪ কলেজ পৰিয়ালৰ বাবে অতিকৈ ব্যতিক্ৰম। কিয়নো ইতিমধ্যে অসম চৰকাৰে নগাঁও কলেজ (অট’নমাচ)ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিলে। এই সন্ধিক্ষণত পৰিয়ালবৰ্গৰ বাবে এইবাৰৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱসমাৰোহ স্মৰণীয় হৈ ৰ’ব।

ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ মজিন্দাৰে নগাঁও কলেজ পৰিয়ালক এই মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়। আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীৰ পিচতে ছহিদ তৰ্পণ আৰু মহাবিদ্যালয়ৰ সৈতে জড়িত বৰেণ্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক ড০ ফাৰিস্তা য়াচমিনে, ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰ, উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰা, মাল্যাৰ্পক ক্ৰমে- ড০ সঞ্জয় দে দীপক কুমাৰ বৰা, ড০ ৰাণা সঞ্জয় কুমাৰ সিংহ আৰু ড০ পদ্মেশ্বৰ সেনাপতিক সম্বৰ্ধনা জ্ঞাপন কৰে। ছহিদ তৰ্পণ আৰু মাল্যাৰ্পণ কাৰ্যসূচীৰ পিচতে আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়।

প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক ড০ নৱপ্ৰসাদ নাথে আঁত ধৰা এই কাৰ্যসূচীৰ উদ্বোধন কৰে নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী নৌচাদ আখতাৰ হাজৰিকাই। উদ্বোধন কৰি ড০ হাজৰিকাই মন্তব্য কৰে যে, নগাঁও মহাবিদ্যালয়ৰ লগত তেখেতৰ আৱেগ জড়িত হৈ আছে আৰু আজিৰ এই শোভাযাত্ৰাত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে।

এই শোভাযাত্ৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰতিফলিত কৰাৰ লগতে মহাবিদ্যালয়ৰ স্বকীয়তা বহন কৰি ৰাখিছে। আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ বিচাৰক হিচাপে বিশিষ্ট নাট্যকৰ্মী সপোণটি বৰদলৈ আৰু নগাঁৱৰ বিশিষ্ট অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰ উপস্থিত থাকে। দুয়োগৰাকী বিচাৰকে অংশগ্ৰহণ কৰা ২০টা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাত অতি উৎকৃষ্ট মানৰ প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰে।

ইয়াৰোপৰি প্ৰাণীবিজ্ঞান বিভাগক প্ৰথম স্থান, সমাজতত্ত্ব বিভাগক দ্বিতীয় স্থান আৰু যুটীয়াভাৱে পদাৰ্থ বিজ্ঞান বিভাগ আৰু ইতিহাস বিভাগক তৃতীয় স্থান হিচাপে বিবেচিত কৰে। মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া বিভিন্ন বিভাগৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে আহ্বান জনায়।

নগাঁও কলেজ (অট’নমাচ)ৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ আৰম্ভণি
লামডিঙত আৰক্ষীৰ অভিযান : তেল চুৰি কৰি থকা অৱস্থাত ৩জনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in