লামডিঙত আৰক্ষীৰ অভিযান : তেল চুৰি কৰি থকা অৱস্থাত ৩জনক আটক

লামডিঙত আৰক্ষীৰ অভিযান : তেল চুৰি কৰি থকা অৱস্থাত ৩জনক আটক

ডিজিটেল সংবাদ,লামডিং : লামডিঙত চুপাৰী চিণ্ডিকেটৰ পিছত এইবাৰ তেল চুৰিৰ চিণ্ডিকেটে গা কৰি উঠিছে। সোমবাৰে নিশা লামডিঙত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৩জন লোকক। উৎখাত কৰে তেল চুৰি চক্ৰৰ নেস্কাচ ৷

হোজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে প্ৰায় ৩০০ লিটাৰ চোৰাং তেল জব্দ কৰাৰ লগতে ৩জনক আটক কৰে ৷ জানিব পৰামতে লামডিঙৰ ২৭নং ঘাইপথৰ সমীপত থকা IOCৰ তেল ভৰ্তি ট্ৰেংকাৰৰ পৰা তেল চুৰি কৰিবলৈ লওতেই ৩গৰাকী ধৃতক হাতে-লোটে আৰক্ষীয়ে আটক কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, AS 26 C 9808 নম্বৰৰ তেলভৰ্তি টেংকাৰখন যোৰহাটলৈ যোৱাৰ পথত ২৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে ৰখাই তেল চুৰি কৰিবলৈ চেষ্টা চলাওতেই আৰক্ষীয়ে অভিযান চলায় ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ট্ৰেংকাৰখনৰ চালক, হেণ্ডিমেনসহ এগৰাকী যুৱকক আটক কৰে ৷

আটকাধীন ৩ ধৃত ক্ৰমে ধনু দে, সমিত ৰয় আৰু মদন ঠাকুৰ ৷ আটকাধীন কেউগৰাকীকে আৰক্ষীয়ে ২৩/২৪ নম্বৰত গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰিছে ৷

লামডিঙত আৰক্ষীৰ অভিযান : তেল চুৰি কৰি থকা অৱস্থাত ৩জনক আটক
বডোফা জীৱিকা মিছনৰ অধীনত অগৰু মিছনৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in