আৰক্ষীৰ গোপন তথ্য ফাদিল কৰে কোনে ? ড্ৰাগছ ব্যৱসায়ীক ৰক্ষা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ এজন...

আৰক্ষীৰ গোপন তথ্য ফাদিল কৰে কোনে ? ড্ৰাগছ ব্যৱসায়ীক ৰক্ষা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ এজন...
আৰক্ষীৰ গোপন তথ্য ফাদিল কৰে কোনে ? ড্ৰাগছ ব্যৱসায়ীক ৰক্ষা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ এজন...

ডিজিটেল সংবাদ নগাঁও : আৰক্ষীৰ নাম লৈ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ধন লোৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত পলায়ন কৰা ড্ৰাগছ ব্যৱসায়ীক সুৰক্ষা দিয়াৰ বিনিময়ত ধন আদায় কৰা এক ঘটনা পোহৰলৈ আনিছে নগাঁও আৰক্ষীয়ে ৷

মৰিকলঙ টাউন আৰক্ষী চকীৰ বিষয়া জোনমণি ৰাভাই গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক ৷ ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা বচাই দিয়াৰ বিনিময়ত ধন লোৱা যুবকজনৰ নাম হৈছে শংকুমনি গোস্বামী ৷

শংকুমণি গোস্বামীয়ে আব্দুল হানিফ নামৰ দূৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষন দিয়াৰ নামত আদায় লৈছিল ৬০ হাজাৰ টকা ৷ পূৰ্বতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আব্দুল হানিফে জামিনত আহি পুনৰ ড্ৰাগছ ব্যৱসায়ৰে জৰিত হৈছিল ৷

দিন দিয়েক পূৰ্বে হানিফ আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হৈছিল ৷ আৰক্ষীয়ে পলাতক হানিফৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে শংকুমণি গোস্বামীয়ে হানিফৰ লগত যোগাযোগ কৰে ৷

আৰক্ষীৰ পৰা বচাই দিয়াৰ বিনিময়ত ৬০ হাজাৰ টকা দাবী কৰে ৷ সেই মৰ্মে পৰিয়ালৰ লোকে শংকুমণিক দাবী কৰা ধন আদায় দিয়ে ৷ ধন আদায় দিয়াৰ পিছটো আৰক্ষীয়ে হানিফক ঘৰত বিচাৰি যোৱাত পৰিয়ালৰ লোক এছ আই জোনমণি ৰাভাৰ কাষ চাপে ৷

পিছত পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত এছ আই জোনমণি ৰাভাই নগাঁও চহৰৰ খুটিকটীয়াত অভিযান চলাই শংকুমণিক গ্ৰেপ্তাৰ কৰে ৷ লগতে বাসভৱনত অভিযান চলাই নগদ ৬০ হাজাৰ টকা উদ্ধাৰ কৰে ৷

ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা বচাই দিয়াৰ নামত এনেদৰে ধন আদায় কৰা ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে আৰক্ষীৰ গোপন বিষয় এটা শংকুমণি গোস্বামী কেনেদৰে অবগত হ’ল এই লৈও প্ৰশ্নৰ অৱতাৰনা হৈছে ৷

নে আৰক্ষীৰ ভিতৰ চ’ৰাৰ কোনো আৰক্ষীয়ে গোপন তথ্য ৰাজহুৱা কৰি এজেন্টৰ জৰিয়তে ধন সংগ্ৰহ কৰি আহিছে সেই সন্দৰ্ভত তদন্তৰ প্ৰয়োজন আহি পৰিছে ৷

আৰক্ষীৰ গোপন তথ্য ফাদিল কৰে কোনে ? ড্ৰাগছ ব্যৱসায়ীক ৰক্ষা কৰাৰ নামত ধন লৈ গ্ৰেপ্তাৰ এজন...
১৮ নহয়, ছোৱালীৰ বিয়াৰ বয়স হ'ব লাগে ২১ ! উচ্চতম ন্যায়ালয়ে এই বিষয়ত কি ক'লে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in