অসমীয়া ভাষাৰ যি বিপৰ্যয় হৈছে বা হ'বলৈ গৈ আছে,তাৰ বাবে অসমীয়া সকলেই দায়ী : জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা

মঙলদৈ গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত সাহিত্য সন্মিলন সম্পন্ন
অসমীয়া ভাষাৰ যি বিপৰ্যয় হৈছে বা হ'বলৈ গৈ আছে,তাৰ বাবে অসমীয়া সকলেই দায়ী : জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা

ডিজিটেল সংবাদ,মঙলদৈ : 'অসমীয়া ভাষাৰ যি বিপৰ্যয় হৈছে বা হ'বলৈ গৈ আছে, তাৰ বাবে আন নহয় আমি অসমীয়া সকলেই দায়ী। অসমীয়া ভাষাৰ ধ্বংস যজ্ঞত অসমীয়া বিষয়া-আমোলা, ৰাজনীতিক অথবা সামগ্ৰিকভাৱে আমি অসমীয়া জনসাধাৰণেই হাত উজান দিছোঁ। আমাৰ ভাষাত বহুতো লিখক বা সাহিত্যিকৰ সৃষ্টি হোৱাটো এটা শুভলক্ষণ যদিও লিখকসকলে অইন কাৰো কিতাপ নপঢ়ি কেৱল লিখক হ'বলৈ গ'লে আমাৰ ভাষা সাহিত্যৰ সমৃদ্ধি নাহে, উন্নতি নহয়।'

এই ভাষ্য নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ। মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত মঙলদৈ গ্ৰন্থমেলা -২০২৩ৰ শুকুৰবাৰে তৃতীয় দিনৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী সাহিত্য সন্মিলনত উপস্থিত থাকে সম্পাদক কলিতা। ভাষণ প্ৰসংগত নৰেশ কলিতাই কয় যে, লিখকসকলে লিখক হোৱাৰ আগতে পঢ়ুৱৈ হ'ব লাগে।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত আৰু জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা সাংবাদিক প্ৰবীণ বৰুৱাই আঁত ধৰা সাহিত্য সন্মিলনখন উদ্বোধন কৰি অসম সাহিত্য সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই কয়- আমাৰ লোক সমাজত পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা লোককথা, লোকগীত , সাধুকথা ইত্যাদিয়ে আমাৰ ভাষা সাহিত্য সমৃদ্ধিশালী কৰিছে। সেয়ে লোক সমাজৰ মাজত সোমাই থকা এই সাহিত্য সমল সমূহক আধাৰ কৰি সাহিত্য চৰ্চা কৰিবলৈ তেওঁ নতুন প্ৰজন্মৰ লেখকসকলক আহ্বান জনায়। এনে মাটিৰ লগত সম্পৰ্ক থকা সাহিত্য চহকী হয় স্থায়ী হয় বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে গ্ৰন্থমেলাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। তেওঁৰ ভাষণত কয় যে, মঙলদৈত দৰং জিলা সাহিত্য সভাৰ উদ্যোগত ২০০৮ বৰ্ষত নেছনেল বুক ষ্ট্ৰাষ্টৰ হৈ অনুষ্ঠিত দৰং গ্ৰন্থমেলাৰ অভিজ্ঞতাৰ পিছত মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মঙলদৈ গ্ৰন্থমেলাৰ জৰিয়তে দৰঙত গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ এক পৰিবেশ সৃষ্টি হোৱাটো এটা সন্তোষজনক কথা।

আন এগৰাকী বিশিষ্ট অতিথি জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি দৰঙত এনে এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰি নতুন পঢ়ুৱৈ সৃষ্টিৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে মঙলদৈ প্ৰেছ ক্লাবৰ শলাগ লয়। অনুষ্ঠানত গল্পকাৰ চক্ৰধৰ নাথ, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞা,লেখক হৰি চন্দ্ৰ শৰ্মা, সমাজকৰ্মী প্ৰাণজিৎ শইকীয়া,কবি, সাংস্কৃতিক সংগঠক ডা০ মৃন্ময় কুমাৰ নাথ, মঙললৈ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল চহৰীয়া, সমাজকৰ্মী অৰুণ বৰুৱা প্ৰমুখ্যে ভালেকেইজন বক্তাই ভাষণ দিয়ে।

সাহিত্য সন্মিলনৰ পিছতেই অনুষ্ঠিত ব্যঙ্গাত্মক নাট্যানুষ্ঠান উদ্বোধন কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই। এই হাস্য-ব্যঙ্গ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এছ আৰ ডি গ্ৰুপৰ অন্যতম সঞ্চালক অনুপম ডেকা, সমাজসেৱক প্ৰাণজিৎ শইকীয়া, উদীয়মান সমাজকৰ্মী জোনজ্যোতি কাশ্যপ, আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ কেন্দ্ৰীয় সভাপতি বিপুল মহন্ত।

উল্লেখ্য যে গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও সন্তোষজনক হাৰত গ্ৰন্থ বিক্ৰী হৈছে আৰু এই বিক্ৰেতাসকলৰ ভিতৰত নতুন প্ৰজন্মৰ সংখ্যাই অধিক হোৱাটো এটা ইতিবাচক দিশ বুলি বিবেচনা হৈছে।

অসমীয়া ভাষাৰ যি বিপৰ্যয় হৈছে বা হ'বলৈ গৈ আছে,তাৰ বাবে অসমীয়া সকলেই দায়ী : জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা
নিদ্ৰামগ্ন বন বিভাগ,নিমাত বিশ্বনাথ জিলা প্ৰশাসন : বিহালীত চলিছে খেতিপথাৰৰ ধ্বংসযজ্ঞ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in